--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাৰ মুখ্য ছবিৰ শিতানত প্ৰদৰ্শিত হল ‘স্বৰ্গৰথ’৷ পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ল ‘স্বৰ্গৰথ’ৰ বিশেষ প্ৰদৰ্শন ৷ ছবিখনৰ প্ৰদৰ্শনিত উপস্থিত থাকে প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণ, ড° অক্ষতা নাৰায়ণ, পৰিচালক ৰাজেশ ভূঞা ৷ 

এ.এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ড° অক্ষতা নাৰায়ণৰ প্ৰযোজনা তথা ৰাজেশ ভূঞাৰ পৰিচালনাত মুক্তি লাভ কৰা অসমীয়া জনপ্ৰিয় বাণিজ্যিক ছবি 'স্বৰ্গৰথ' ।

আইএফএফআইৰ ইণ্ডিয়ান পেনোৰামাৰ মুখ্য ছবিৰ শিতানত দেশ বিদেশৰ অন্য কেইবাখনো ব্লকব্লাষ্টাৰ ছবি, কাল্কি, টুৱেল্ভ ফেইল আদিৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে এখন অসমীয়া বাণিজ্যিকভাৱে ছবি স্বৰ্গৰথে এই সন্মান লাভ কৰিছে।   

দেওবাৰে গোৱাৰ পাঞ্জীম আইনক্স ছবিগৃহত স্বৰ্গৰথৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয় যত দেশ বিদেশৰ  চলচ্চিত্ৰপ্ৰেমী, চিত্ৰ নিৰ্মাতা, ছবি সমালোচক সকলৰ সন্মুখত প্ৰদৰ্শিত হল ৰাজেশ ভূঞাৰ পৰিচালনাৰ অসমীয়া জনপ্ৰিয় ছবি স্বৰ্গৰথ । অসমীয়া ছবি স্বৰ্গৰথ চাই আপ্লুত চলচ্চিত্ৰ প্ৰেমী ,ছবি সমালোচক ৷

৭ জুনত চিত্ৰগৃহত মুক্তি পাইছিল ৰাজেশ ভূঞা পৰিচালিত ছবি ‘স্বৰ্গৰথ’ । এজন স্বৰ্গৰথৰ চালক,  তিনিজন যুৱক আৰু দুজন আৰক্ষীৰ লোকৰ দৈনন্দিন জীৱনে এদিন হঠাৎ কি মোৰ লয় তাৰ ওপৰত নিৰ্মিত এক কাহিনী। লগতে তেওঁলোকৰ জীৱনত জড়িত হৈ থকা আন আন চৰিত্ৰসমূহে কি ধৰণেৰে সহায় কৰে বা বিধি পথালি দিয়ে আৰু সমাজৰ সমসাময়িক কিছু ঘটনাই সাধাৰণ মানুহৰ জীৱনৰ আশা-আকাংক্ষাক কিদৰে প্ৰভাৱিত কৰে তাৰ কাহিনী দৰ্শোৱা হৈছে ‘স্বৰ্গৰথ’ত।ছবিখনত অভিনয় কৰিছে কেনী বসুমতাৰী, সিদ্ধাৰ্থ শৰ্মা, কমল লোচন, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিণ্টু বৰা, মাধুৰিমা চৌধুৰী, ৰিমঝিম ডেকা আৰু বহুকেইগৰাকী নবীন-প্ৰবীণ শিল্পীয়ে ৷ ছবিখনৰ গীতৰ দৃশ্যত নাগাৰা নামেৰে জনপ্ৰিয় হোৱা শিল্পী কৰিশ্মা নাথকো বিশেষ ৰূপত দেখা গৈছে।

উল্লেখ্য যে এইবাৰৰ ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত আন দুখন অসমীয়া ছবি হৈছে ড° ববী শৰ্মা বৰুৱাৰ 'ৰ'দৰ পাখী' আৰু যদুমণি দত্তৰ "জুইফুল"৷

 





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?