--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেদাইলতা এবিধ সকলোৰে পৰিচিত ঔষধি লতা। ইয়াৰ দুৰ্গন্ধ আছে বাবেই ইয়াক সহজতে চিনিব পৰা যায়। উৎকট গোন্ধেই ভেদাইলতাৰ পৰিচয় ৷ কিন্তু ৰান্ধিলে ইয়াৰ গোন্ধ একেবাৰে নাথাকে। ভেদাইলতাৰ পাত বা ঠাৰি মানুহে আঞ্জা ৰান্ধি খায়। ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াক কেঁচাই কেঁচাই ব্যৱহাৰ কৰিলেহে সুফল পোৱা যায়। আমাৰ অসমত ঔষধি গুণৰ ভঁৰাল ভেদাইলতাৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে ৷ ভেদাইলতাৰ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida . অসমীয়াত ভেদাইলতাৰ আন আন নাম হ’ল পাদুৰীলতা, গন্ধভাদুলীয়া, ভাদুলীলতা ,প্ৰসাৰণী,পাদ্ৰী লেৱা আৰু গন্ধপাত্ৰ ৷ভেদাইলতা কেঁচাই চাটনি কৰি, মাছৰ লগত জোল কৰি অথবা পকৰী বনাই খাব পাৰি।

ভেদাইলতাৰ বেয়া গোন্ধৰ কাৰণ

এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গোন্ধ (sulphurous odour) ওলায়। এই গোন্ধৰ কাৰণ হ’ল ভেদাইলতাৰ লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। এই পাত মোহাৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গোন্ধ ওলায়। সেয়েহে ভেদাইলতাৰ অন্য এক নাম হল পাদুৰীলতা।

ভেদাইলতাৰ উপকাৰিতা ১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ জোল ৰান্ধি খালে অতি সোনকালে আৰোগ্য হয় ৷
২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায় ৷
৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে ৷
৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক ৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে ।
৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে ৷
৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে ৷
৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷
৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল ৷
৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে ৷
১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায় ৷
১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায় ৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায় ৷
১২) যকৃতৰ সমস্যাত ভেদাইলতা খাব লাগে ৷
১৩) প্ৰাৰম্ভিক পৰ্যায়ত মুত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷
১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷

ইমানবোৰ ঔষধি গুণযুক্ত ভেদাইলতাক খাদ্য তালিকাত আগস্থান দি ইয়াৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ আহক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?