--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰঙালী বিহু বুলি ক'লে কেৱল ৰং-আনন্দৰ মাজতে সীমাবদ্ধ নহয়। বিহুৰ সৈতে সংপৃক্ত হৈ আছে পৰম্পৰাগত বহু নিয়ম। ইয়াৰে মাজত অন্যতম হৈছে গৰু বিহুৰ দিনা নাহৰৰ পাতত গোপন মন্ত্ৰ লিখা নিয়ম। আজি গৰু বিহু। 

এই দিনটোত বিভিন্ন ধৰণৰ পৰম্পৰা মানি চলে অসমীয়া ৰাইজে। এই দিনটোত নাহৰৰ পাতত এটি বিশেষ মন্ত্ৰ লিখা হয়। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱাটো গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। কিন্তু এই প্ৰচলিত নিয়মৰ অন্তৰালত থকা জনবিশ্বাস কি ?

দেৱ দেৱ মহাদেৱ-নীলগ্ৰীব জঁটাধৰ
বাতং বৃষ্টি হৰং দেৱ মহাদেৱ নমোস্তুতে

এই মন্ত্রটো নাহৰৰ পাতত লিখি ঘৰৰ চালত গুজি ৰখা হয়। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়। নাহৰৰ লগত শিৱৰ এটা সম্পৰ্ক আছে । 

সংস্কৃতত নাহৰক কেশৰ বুলি কোৱা হয়। বসুদেৱে যেতিয়া কৃষ্ণক লৈ কংসৰ কাৰাগাৰৰ পৰা ওলাই যমুনা পাৰ হৈছিল সেই সময়ত কেশৰ বা সাপে সুৰক্ষিত কৰি নিছিল। কেশৰ সাপ মহাদেৱ আদিৰ মাজত সম্পৰ্ক আছে। প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হোৱাৰ সময়খিনিৰ আৰম্ভণি দিনটোতে এনেদৰে মন্ত্র লিখি দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ মহাদেৱক মিনতি কৰা হয় বুলি এক জনবিশ্বাস আছে।
এনেদৰে নাহৰ পাতত মন্ত্ৰ লিখি ৰাখিলে ধুমুহাই ঘৰখনৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি বিশ্বাস প্ৰচলিত আছে।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?