--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটন : দেশত ক’ভিড সংক্ৰমণৰ হাৰ অধিক দ্ৰুত হৈছে। ক্ৰমাগতভাৱে প্ৰতিদিনে বৃদ্ধি পাই আছে সংক্ৰমণ। শেহতীয়াকৈ দৈনিক ডেৰ লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। অক্সিজেনকে ধৰি জৰুৰী চিকিৎসা সামগ্ৰীৰ অভাৱে পৰিস্থিতি কৰি তুলিছে অধিক শোচনীয়। ইয়াৰ মাজতে ভাৰতক সামান্য সকাহ দি সাহায্যৰ বাবে আগুৱাই আহিছে এখন বন্ধু ৰাষ্ট্ৰ। ভাৰতৰ ক’ৰ’নাবিৰোধী যুঁজত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা।

আৰু পঢ়িব পাৰিব: কেৱল কৰ’নাই নহয়, শংকা মাতিছে আন এক মাৰাত্মক ভাইৰাছে

ক’ৰ’নাৰ ভয়ংকৰ আগ্ৰাসন তথা জৰুৰী চিকিৎসা সামগ্ৰীৰ নাটনি হোৱাৰ সময়তে ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ভাৰতীয় নাগৰিককক সকলো ধৰণৰ সহযোগিতা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে। অত্যাৱশ্যকীয় জীৱনৰক্ষাকাৰী চিকিৎসা সামগ্ৰী আৰু আহিলা প্ৰদানেৰে সহায় কৰিব দেশখনে। ‘ভাৰতে যিদৰে আমেৰিকাত কোভিডৰ সংক্ৰমণে অনিয়ন্ত্ৰিত ৰূপ লোৱাৰ সময়ত মাৰ্কিন হাস্পতালবোৰক সহায় কৰিছিল ঠিক সেইদৰে প্ৰয়োজনৰ সময়ত ভাৰতক সহায় কৰিবলৈ আমি বদ্ধপৰিকৰ।’ টুইটযোগে এইকথা সদৰি কৰে ৰাষ্ট্ৰপতি বাইডেনে।

আৰু পঢ়িব পাৰিব: নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা ! গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত

আনহাতে উপৰাষ্ট্ৰপতি কমলা হেৰিছে টুইটযোগে প্ৰকাশ কৰে যে, ‘আমেৰিকাই ভাৰত চৰকাৰৰ সৈতে ঐক্যবদ্ধভাৱে কোভিড-১৯ৰ সৈতে যুঁজ কৰি আছে। দ্ৰুতভাৱে অতিৰিক্ত সহায় তথা প্ৰয়োজনীয় সামগ্ৰীৰ যোগানেৰে ইয়াক অধিক তৰান্বিত কৰি তোলা হৈছে। আমি যিদৰে সহায, সমৰ্থন আগবঢ়াইছোঁ, ঠিক একেদৰে আমি ভাৰতৰ সাহসী চিকিৎসক-চিকিৎসাকৰ্মীকে ধৰি নাগৰিককসকলৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?