--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নয়াব সিং ছৈনি হাৰিয়ানাৰ ৰাজনৈতিক ক্ষেত্ৰৰ অন্যতম ব্যক্তিত্ব৷ হাৰিয়ানাৰ ১১তম মুখ্যমন্ত্ৰী হিচাপে ১২ মাৰ্চ, ২০২৪ ত কাৰ্যভাৰ গ্ৰহণ কৰিছিল নয়াব ছৈনি। মুখ্যমন্ত্ৰী হোৱাৰ আগতে, তেওঁ কুৰুক্ষেত্ৰৰ নিৰ্বাচনী ক্ষেত্ৰত এজন সাংসদ হিচাপে সেৱা আগবঢ়াইছিল আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ত কাৰ্য নিষ্পত্তি কৰিছিল। সদ্যঘোষিত হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছৈনিয়ে মঙলবাৰে তেওঁৰ নিকটতম কংগ্ৰেছ প্ৰতিদ্বন্দ্বী মেৱা সিঙৰ বিৰুদ্ধে ১৬,০৫৪ টা ভোটৰ ব্যৱধানত লাডৱা বিধানসভা আসনত জয়লাভ কৰে।

হাৰিয়ানাৰ ৰাজনৈতিক ইতিহাসত নিজৰ নাম খোদিত কৰিলে নয়ব সিং ছৈনিয়ে। তেওঁৰ নেতৃত্বত বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰে, যিটো হাৰিয়ানাৰ ৰাজনৈতিক ইতিহাসত কেতিয়াও হোৱা নাছিল। বিভিন্ন বাধাৰ সন্মুখীন হোৱাৰ পাছতো ৰাজহুৱা সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ফলপ্ৰসূ শাসন আৰু কৌশলগত ব্যৱস্থাই নিশ্চিত কৰিলে হাৰিয়ানাত বিজেপিৰ বিজয়৷ আৰু এই বিজয়ৰ  স্থপতি হিচাপে  নয়াব সিং ছৈনিৰ মৰ্যাদাক দৃঢ় কৰি তুলিছে৷

নয়াব সিং সৈনিৰ বিষয়ে থোৰতে জানো আহক- 

শিক্ষা- নয়াব সিং ছৈনিয়ে চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয় মেৰুটৰ পৰা স্নাতক ডিগ্ৰী, বাবাছাহেব ভীমৰাও আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয় পৰা অইন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী-ছৈনি ১২ মাৰ্চ, ২০২৪ ত হাৰিয়ানাৰ ১১ম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্ব উন্নয়ন আৰু শাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

সাংসদ সদস্য- ২০১৯ পৰা ২০২৪ পৰ্যন্ত তেওঁ কুৰুক্ষেত্ৰ সমষ্টিৰ সাংসদ আছিল।

মন্ত্ৰিপদৰ ভূমিকা- ছৈনি হাৰিয়ানাৰ চৰকাৰত লোকশক্তি আৰু নিয়োগ মন্ত্ৰী, মাইন আৰু ভূগোল মন্ত্ৰী, নতুন আৰু পুনৰ্নৱীকৰণ শক্তি মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ।

নির্বাচনী বিজয়- তেওঁৰ নেতৃত্বত, বিজেপিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজয় লাভ কৰে, যাৰ দ্বাৰা দলটোৰ তৃতীয়টো কাৰ্যকাল নিশ্চিত কৰে।

গ্ৰীণ হাৰিয়ানা অভিযান-"গ্ৰীণ হাৰিয়ানা" অভিযান আৰম্ভ কৰিছিল, যাৰ লক্ষ্য আছিল ৰাজ্যখনত গছ-গছনিৰে আবৃত অঞ্চলৰ বৃদ্ধি কৰা আৰু  বহনক্ষম অনুশীলনৰ ব্যৱস্থাপনা প্ৰচাৰ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?