--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাজাৰ নেটজাৰিম কৰিডৰৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰা হৈছে। দেওবাৰে এই তথ্য প্রকাশ কৰিছে পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছে। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ-বিৰতিৰ অংশ হিচাপে এই পদক্ষেপ ইজৰাইলে গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে। 

ইজৰাইলৰ এই পদক্ষেপৰ পাছত দুয়ো দিশৰ পৰা দক্ষিণ আৰু উত্তৰ গাজাৰ মাজত লোকসকলে ভ্রমণ কৰিব পাৰিব। এই কৰিডৰটোৰ পৰা ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰাৰ পাছত আমেৰিকা আৰু ইজিপ্তৰ নিৰাপত্তাৰ ঠিকা কর্মীয়ে এটা নিৰীক্ষণ চকী পৰিচালনা কৰিব। ইতিমধ্যে ৫গৰাকী পেলেষ্টাইনৰ নাগৰিকে সেই নিৰীক্ষণ চকীটোৰ মাজেৰে যাবলৈ অপেক্ষা কৰি থকা দেখা গৈছিল। আনহাতে, মধ্য গাজাৰ পৰা ইতিমধ্যে ইজৰাইলী সেনা প্রত্যাহাৰ কৰাৰ ব্যৱস্থা লৈছে ইজৰাইলে। 

আনহাতে, ইজৰাইলে এই সেনা প্রত্যাহাৰ কৰাৰ বিষয়টোক হামাছে তেওঁলোকৰ জয় হৈছে বুলি বিজয়োল্লাস আৰম্ভকৰিছে। অৱশ্যে, ইজৰাইলী সেনাৰ ফালৰ পৰা কোনো তাৎক্ষণিক প্রতিক্রিয়া অহা নাই। ইফালে, হামাছে শনিবাৰে মুকলি কৰি দিয়া তিনি ইজৰাইলী পণবন্দীৰ ভিতৰৰ এজন, এলি শ্বাৰাবী ৪৯১ দিনৰ বন্দিত্বৰ পাছত তেওঁৰ পত্নী আৰু দুজনী জীয়ৰীক লগ পাবৰ বাবে ব্যাকুল হৈ আছে। কিন্তু দুর্ভাগ্যই তেওঁৰ বাবে অপেক্ষা কৰি আছে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক কৰা আক্ৰমণত এলিৰ পত্নী আৰু তেওঁৰ দুজনী জীয়ৰীৰ যে মৃত্যু হৈছে সেই বিষয়ে এলি এতিয়াও অৱগত নহয়।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?