--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল এহাল যুৱক-যুৱতী। স্বামীৰ সৈতে দুহাতত ধৰি নানা ৰঙীন সপোনেৰে জীৱনটো সজাই তোলাৰ কথা ভাবিছিল নৱবিবাহিতা পত্নীগৰাকীয়ে। পাছে এমাহতে ঘটিল ছন্দপতন। 

যোৱা ১২ ফেব্ৰুৱাৰীত শালিনী সংগল আৰু প্ৰণৱ সিংঘালৰ বিয়া অতি ধুমধামেৰে সম্পন্ন হৈছিল। তাৰপাছত দুয়ো হানীমুনৰ বাবে ইণ্ডোনেছিয়াৰ বালীলৈ ৰাওনা হৈছিল। তাত নিবিড় সুন্দৰ মুহূৰ্ত উপভোগ কৰাৰ সলনি সপোন ছিন্নভিন্ন হৈ পৰিল শালিনীৰ। 

বালীত উপস্থিত হোৱাৰ পাছতেই কথাবোৰ সলনি হৈ পৰিল৷ শালিনীয়ে কয় যে স্বামীয়ে বালীত উপস্থিত হোৱাৰ লগে লগে প্ৰথমে কথা-বতৰা বন্ধ কৰি দিয়ে। প্ৰণৱৰ এই আচৰণত স্তম্ভিত হৈ পৰে শালিনী। 

মাত-বোল নকৰাৰ কাৰণ সোধাত শালিনীক ৫০ লাখ টকা দাবী কৰে প্ৰণৱে। কেনেবাকৈ তাৰ পৰা উভতি আহিল দুয়ো। শালিনীয়ে ভাবিছিল পাছত সকলো ঠিক হ’ব। কিন্তু ঘৰতো পৰিস্থিতি একেই থাকিল। হোলীৰ দিনা তেওঁক জোৰকৈ মাতৃগৃহলৈ পঠিওৱা হৈছিল, মাতৃগৃহৰ পৰা ঘূৰি অহাৰ পাছত শালিনীৰ বাবে দুৱাৰ খুলি দিয়া নাছিল স্বামীগৃহই। 

উপায় নাপায় স্বামীগৃহৰ বাহিৰত পৰিয়ালৰ লোকৰ সৈতে ধৰ্মঘটত বহিল শালিনী। ১২ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো দুৱাৰখন খুলি নিদিলে প্ৰণৱহঁতে। আনকি আত্মহত্যাৰ ভাবুকিও দিছিল শালিনী আৰু তেওঁৰ পৰিয়ালে, তাৰপাছতো কোনো কামত নাহিল।

শালিনী সংগলে কয় যে ''১২ ফেব্ৰুৱাৰীত আমাৰ বিয়া হৈছিল। আমি দুয়ো হানিমুনত ইণ্ডোনেছিয়াৰ বালীলৈ গৈছিলো। তাতে প্ৰণৱে ক’বলৈ ধৰিলে যে বহুত খৰচ হৈছে। বিয়াৰ লগতে ঘৰ সজাৰ বাবেও বহুত টকা খৰচ হ’ল। এতিয়া যদি তুমি আমাৰ লগত থাকিব বিচাৰা তেন্তে ঘৰৰ পৰা ৫০ লাখ টকা আনিব লাগিব। মই ভাবিছিলো যে সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। ৫০ লাখ টকা সৰু কথা নহয় যে মই মোৰ দেউতাক ক'ম আৰু লগে লগে টকা আনি দিম। আমাৰ মাত্ৰ বিয়া হৈ গৈছেহে, লগে লগে ৫০ লাখ টকা কেনেকৈ দিব।'' 

শলিনীয়ে লগতে কয় যে ''মোক হোলীত মাৰ ঘৰলৈ পঠিওৱা হৈছিল। তেওঁলোকে কৈছিল যে এইটো এটা প্ৰথা। বিয়াৰ পাছত প্ৰথমে মাতৃৰ ঘৰতে হোলী উদযাপন কৰিব লাগে, তাৰপাছত আমি তোমাক লৈ আনিম। যেতিয়া মোক কোনেও নিবলৈ নাহিল তেতিয়া মই খুড়াৰ লগত ইয়ালৈ আহিছিলো কিন্তু এতিয়া মোক ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই। মোক ইয়াৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰা হৈছে। আৰক্ষীক এজাহাৰ দাখিল কৰিছোঁ। মই এতিয়া ন্যায় পোৱালৈ বাট চাইছো।''

বিয়াৰ এমাহ পাছতেই সংঘটিত হোৱা এই কাহিনীয়ে এতিয়া অঞ্চলজুৰি চৰ্চা লাভ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?