--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত বৰদিন, নৱবৰ্ষ। এনে সময়তে  বাণিজ্যিক গেছ চিলিণ্ডাৰৰ  মূল্য হ্ৰাস কৰা হৈছে । শুক্ৰবাৰে ১৯  কিলোগ্ৰাম ওজনৰ  চিলিণ্ডাৰৰ মূল্য ৩৯.৫০  টকাকৈ হ্ৰাস কৰা হৈছে ।

 গেছ চিলিণ্ডাৰৰ মূল্য সাধাৰণতে মাহৰ আৰম্ভণিতে সলনি হয়। এই মাহৰ আৰম্ভণিতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল। অৱশ্যে খ্ৰীষ্টমাছ-নৱবৰ্ষৰ কথা মনত ৰাখি বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য যথেষ্ট হ্ৰাস কৰা হৈছে। অৱশ্যেঘৰুৱা  গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।

ৰাজ্যিক মালিকানাধীন পেট্ৰ'লিয়াম কোম্পানীবোৰে কৈছে  যে শুক্ৰবাৰৰ পৰা বাণিজ্যিক গেছৰ মূল্য হ্ৰাস কৰা হৈছে। ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ৪০ টকা হ্ৰাস কৰাৰ কথাই ব্যৱসায়ীসকলক ভালে খিনি সকাহ দিব বুলি ধাৰণা কৰা হৈছে।  দিল্লী, মুম্বাই আৰু চেন্নাইত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোত  ২,০০০ টকাৰ তলত হৈছে।

 গেছৰ মূল্য হ্ৰাস হোৱাৰ ফলত দোকানত বিক্ৰী হোৱা খাদ্যৰ মূল্যও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য  পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ মূল্য (১৯ কিলোগ্ৰাম) বৃদ্ধি পাইছিল। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পিছত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাব পাৰে বুলি পূৰ্বেই আশংকা কৰা হৈছিল।  বিশ্ব বজাৰত তেলৰ মূল্যৰ সৈতে সংগতি ৰাখি সাধাৰণতে মাহৰ আৰম্ভণিতে গেছৰ মূল্য বৃদ্ধি বা হ্ৰাস কৰা হয়। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?