ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটোত বজাৰত হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য৷ যদি আপুনি বজাৰ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে এইটো এটা ভাল সুযোগ আহিছে আপোনাৰ বাবে৷ মাল্টি কম’ডিটী এক্সচেঞ্জত সোণৰ মূল্য ০.১৯ শতাংশ হ্ৰাস পাইছে আৰু ৰূপৰ মূল্য ০.৪৫ শতাংশ হ্ৰাস পাইছে৷

মঙলবাৰৰ দিনটোত প্ৰতি ১০ গ্ৰামত ০.১৯ শতাংশ হ্ৰাস হৈ ৪৬,৭৯৭ টকা হৈছে। ৰূপ ০.৪৫ শতাংশ হ্ৰাস পাইছে।১ কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে ৬০,৮৬০ টকা। বিগত বৰ্ষৰ তুলনাত ৯৪০০ টকা মূল্য হ্ৰাস হৈছে। ২০২০ চনত, ১০ গ্ৰাম সোণৰ মূল্য বিগত বছৰৰ একে সময়ছোৱাত ৫৬,২০০ টকা স্পৰ্শ কৰিছিল। এমচিএক্সত সোণ প্ৰতি ১০ গ্ৰামত ৪৬৭৯৭ টকা, অৰ্থাৎ এতিয়াও প্ৰায় ৯৪০০ টকা সস্তা হৈছে৷

তদুপৰি আপুনি এতিয়া ঘৰতে বহি কৰিব পাৰে সোণৰ বিশুদ্ধতাৰ পৰীক্ষা৷ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে বি আই এছ কেয়াৰ নামৰ এটা ‘এপ’ৰ সৃষ্টি কৰিছে। এই এপটোত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো দাখিল কৰিব পাৰিব গ্ৰাহকে। সোণৰ সমান্তৰলাকৈ হ্ৰাস পাইছে ৰূপৰ মূল্যও৷ মঙলবাৰৰ দিনটোত ৰূপৰ মূল্য ০.৪৫ শতাংশ হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৬০,৮৬০ টকা হৈছে।