--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদৰোগসমূহৰ ভিতৰত অতি ভয়াৱহ হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক হোৱা লোকে আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসাৰ সুবিধা লাভ নকৰিলে জীৱনৰ বাবে সেয়া ভয়াৱহ হৈ উঠিব পাৰে। কম বয়সীয়া লোকৰ মাজতো বৰ্তমান হাৰ্ট এটেকৰ চিকাৰ হৈ অহা দেখিবলৈ পোৱা গৈছে।

চিকিৎসকলে হাৰ্ট এটেকৰ কাৰণ হিচাপে অনিয়মিত জীৱন প্ৰণালীকে দায়ী কৰে। জীৱন প্ৰণালীৰ অলপ পৰিৱৰ্তন কৰিলেই হাৰ্ট এটেকৰ আশংকাৰ পৰা বহুখিনি আঁতৰি থাকিব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত হাৰ্ট এটেক হৈছে মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ।

আমাৰ দৈনন্দিন জীৱনত কেত বোৰ কথাৰ পৰিৱৰ্তন সাধিলে আমি এনে গুৰুতৰ সমস্যাৰ পৰা ভালে খিনি হাতসাৰি থাকিব পাৰো।

শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাটো মুঠেও স্বাস্থ্যসন্মত কথা নহয়। ডায়েবেটিছৰ সমস্যা হ্ৰাস পালে হাৰ্ট এটেকৰ সম্ভাৱনাও ভালে খিনি কমি যায়।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিয়মিত যোগাসন-ব্যায়াম কৰিলে হাৰ্ট সুস্থ থাকে। সদায় আধাঘন্টা খোজকঢ়াটো প্ৰয়োজন। সপ্তাহটোত কমেও পাঁচদিন যোগ-ব্যায়াম কৰা উচিত।

মদ্যপান আৰু ধূমপান পৰিত্যাগ সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব।
 
স্বাস্থ্যসন্মত খাদ্য খোৱাটো আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনিৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেইট আৰু চৰ্বিৰ পৰিমাণৰ সমতা ৰক্ষা কৰিব লাগে।

সতেজ ফল-মূল, শাক-পাচলি খাওক। প্ৰতিদিনে খোৱাৰ সাজত অমেগা -৩ফেটি এচিড থকা মাছ খাবলৈ চেষ্টা কৰক। ছাগলীৰ মাংস (ৰেড মিট), নিমখ, মিঠাই আদি খোৱাটো কমাই দিয়ক।

হাৰ্ট সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। সুস্থ থাকিবলৈ প্ৰতিদিনে ছয়-সাত ঘন্টা টোপনি মৰাটো দৰকাৰী কথা।

সেইদৰে মানসিক চাপৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাবে নিয়মিত যোগাভ্যাস কৰা উচিত। প্ৰাণায়ামেও হৃদয় সুস্থ ৰখাত সহায় কৰে। নিয়মিত  প্ৰাণায়াম কৰিলে আনকি হৃদযন্ত্ৰ ব্ল'কো খোল খাই যায় বুলি বিশেষজ্ঞসকলে কৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?