--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ মাজত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ দ্ৰুতগতিত বিয়পি পৰিছে, ইয়াৰ কাৰণ হ’ল মানুহৰ দুৰ্বল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। এইবোৰে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। সেইবাবেই সদায় সুস্থ জীৱনশৈলী মানি চলিব লাগে। যদি আপুনিও বিচাৰে যে আপোনাৰ হাৰ্ট এটেক হব নালাগে তেন্তে আপুনি আপোনাৰ জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিয়া উচিত। হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ আপুনি কেনেধৰণৰ জীৱনশৈলী পালন কৰিব লাগিব জানি লওক।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ মানি চলিবলগীয়া জীৱনশৈলী-

১) ৰক্তচাপ পৰীক্ষা কৰকঃ উচ্চ ৰক্তচাপৰ বাবে হৃদযন্ত্ৰৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ বাঢ়ি যায়। কাৰণ ৰক্তচাপ বৃদ্ধি হ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়, গতিকে যদি আপুনি হাৰ্ট এটেকৰ দৰে সমস্যাৰ সন্মুখীন হ’ব নিবিচাৰে, তেন্তে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকিব লাগে। হাৰ্ট এটেকৰ পৰা বাচি থাকিব বিচাৰে যদি ৰক্তচাপ নিয়ন্ত্ৰণত থকাটো অতি প্ৰয়োজনীয়।

২) ধূমপান পৰিহাৰ কৰকঃ ধূমপানে আপোনাৰ হাওঁফাওঁৰ ক্ষতি কৰাই নহয়, এই অভ্যাস হৃদযন্ত্ৰৰ বাবেও ভাল নহয়। ধূমপান কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ধূমপান আৰু ধঁপাত সেৱন পৰিহাৰ কৰিব লাগে।

৩) মানসিক চাপ পৰিহাৰ কৰকঃ অত্যধিক মানসিক চাপ লোৱাটো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। যদি আপুনি প্ৰতিটো বিষয়তে মানসিক চাপ লয়, তেন্তে এই অভ্যাস সলনি কৰক। কাৰণ ষ্ট্ৰেছ গ্ৰহণ কৰিলে হাৰ্ট এটেক হ’ব পাৰে। গতিকে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যোগাসন, সংগীত, ব্যায়াম কৰক।

৪) ভালদৰে টোপনি যাওকঃ পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো হৃদযন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱৰ বাবে আপুনি উচ্চ বি পিৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে যদি আপুনি হাৰ্ট এটেকৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে দৈনিক পৰ্যাপ্ত পৰিমাণে টোপনি লোৱা উচিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?