--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীৰ জাক-জমক কেফে, ৰেঁস্তোৰাবোৰৰ মাজতো আপাতঃ নিৰ্জু কিন্তু ব্যতিক্ৰমী উপস্থিতিৰ এখন বিশেষ বিপনী এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। মূলতঃ নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ বাবে এই বিপণীখন হৈ পৰিছে আগ্ৰহ আৰু আকৰ্ষণৰ কেন্দ্ৰ। সেই বিপণীখনত এপিয়লা চাহ লৈ কিছু সময় বহি কথা পতাটো, দুখন ফটো উঠাতো এতিয়া একপ্ৰকাৰ ট্ৰেণ্ডত পৰিণত হৈছে। বিপণীখন হৈছে চানমাৰি অ’ভাৰব্ৰীজৰ কাষতে থকা ‘ভুৰুকা’। সহজভাৱে ক’বলৈ গ’লে এখন সৰু চাহৰ বিপণী। কিন্তু সৰু আৰু সাধাৰণ যেন লগা এই বিপণীখন এতিয়া হৈ উঠিছে অসাধাৰণ। কিয়নো ইয়াৰ আঁৰত আছে এজন ব্যতিক্ৰমী মন-মননৰ যুৱকৰ এটা অদমনীয় স্বপ্ন আৰু অপৰিসীম শ্ৰম। তেওঁ হৈছে বিদ্যুৎ জোতি কলিতা।
২০১৬ বৰ্ষত বিদ্যুতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কেৱল শিক্ষিত নিবনুৱাৰ টেগটো লগাই ঘৰতে বঢ়ি থকা নাছিল। তেওঁ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে গুৱাহাটী মহানগৰত 'ভুৰুকা' নামেৰে আৰম্ভ কৰিছে এখন বিশেষ চাহৰ বিপনী। ভুৰুকা এই বাবেই বিশেষ যে, তাত উপলদ্ধ হয় প্ৰায় ১৮ বিধ চাহ। আৰু বজাৰৰ বিস্কুট, কেকৰ সলনি থলুৱা অসমীয়া পিঠা-পনাৰ পৰা পায়সলৈকে পোৱা যায় ভুৰুকাত। নিজ হাতেৰ প্ৰস্তুত কৰা চাহকাপৰ সৈতে বিদ্যুতে গ্ৰাহকক যোগান ধৰে তেল পিঠা, তিল পিঠা, ঘিলা পিঠা, টেকেলি মুখত দিয়া পিঠা, নাৰিকলৰ লাডু আদি। বিদ্যুৎতৰ আকৰ্ষণীয় আৰু আত্মীয়তাপূৰ্ণ ব্যৱহাৰ তথা আন্তৰিক প্ৰচেষ্টাই ভুৰুকাক প্ৰদান কৰিছে অনিৰ্বচনীয় উজ্জ্বলতা। বিদ্যুৎতৰ বন্ধু মহলৰ সহযোগত এই প্ৰচাৰো লাভ কৰিছে খুব কম সময়তে। আৰু এতিয়া থলুৱা পিঠা-পনাৰে একাপ সুস্বাদু চাহ খোৱাৰ বাবে বিদ্যুতৰ ভুৰুকা এটা অবিকল্প নামত পৰিণত হৈছে। কিন্তু বিদ্যুতৰ এই যাত্ৰা সহজ আছিলনে? পৰম্পৰাগত চিন্তা আৰু মনটোৱে বাধা দিয়া নাছিলনে তেওঁক? তেওঁৰ একো প্ৰত্যাহ্বান অহা নাছিলনে এই যাত্ৰাত? উত্তৰ আছিল। বিদ্যুতে নিজেই কৈছে, ‘প্ৰথমে লাজো লাগিছিল। চাহ বিক্ৰী কৰাৰ দৰে কাম এটাৰ প্ৰতি থকা আমাৰ সহজাত হীনমন্যতাই বাধা দিছিল পদে পদে। কিন্তু মই তাক জয় কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এতিয়া মই সুখী যে, এই ‘ভুৰুকা’ৰ বাবেই মোক মানুহে আজি চিনি পায়।’
নিজৰ সংগ্ৰামৰ ইতিহাসৰ পাত লুটিয়াই বিদ্যুতে কয়, ২০১৬তে তেওঁ পৰিকল্পনা কৰিছিল পিঠা-পনা বিক্ৰীৰে বিকল্প জীৱিকাৰ পথ এটা মুকলি কৰাৰ। নাৰেংগী, জু-তিনিআলি, গণেশগুৰি আদি বিভিন্ন ঠাইত পিঠা বিক্ৰী কৰি তেওঁ ব্যৱসায়ৰ প্ৰথমটো খোজ দিছিল। প্ৰথমে ব্যৱসায়িকভাৱে তেওঁ বিফল হৈছিল যদিও আত্মবিশ্বাস হেৰুওৱা নাছিল। সেইবাবে বিক্ৰীৰ বাবে অনা সহস্ৰাধিক পিঠা-পনা ডাষ্টবিনত পেলাই দিবলগীয়া হোৱা পৰিস্থিতি অহাৰ পাছতো তেওঁ নিজৰ লক্ষ্যত অটল হৈ আছিল আৰু আজি তাৰ ফল তেওঁ লাভ কৰিছে। আজিৰ তাৰিখত বিদ্যুত সমাজৰ আন দহজনৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। তেওঁৰ স্বপ্নৰ ‘ভুৰুকা’ হৈ পৰিছে বহুতৰ বাবেই আগ্ৰহ আৰু আকৰ্ষণৰ কেন্দ্ৰ। ৰাজপথত আন্দোলনৰ জৰিয়তে প্ৰাপ্য বিচাৰিবলৈ নগৈ বিদ্যুতে কৰ্ম আন্দোলনৰ যোগদি অংকন কৰিছে আত্মনিৰ্ভৰশীলতাৰ প্ৰকৃত ছবিখন। বিদ্যুৎ সম্পৰ্কত আৰু কেইটামান কথা জনাৰ বাবে আমি তেওঁক সুধিছিলোঁ…
(১) চাহ আৰু পিঠা পনা বিক্ৰীৰ দৰে আপাতঃ সাধাৰণ এটা কামকেই তুমি অসাধাৰণত্ব দিব পাৰিবা, এই বিশ্বাস মনলৈ কেনেকৈ আহিল? প্ৰথমে কিদৰে এই ধাৰণাই পোখা মেলিলে?
বিদ্যুৎ : এই কামটো কৰিবলৈ মোৰ বিবেকৰ পৰা আহ্বান অহা বুলি মই ভাবো । সেয়েহে এই চাহ-পিঠা-লাৰুকলৈয়ে এটি সপোন বঢ়ি আহিবলৈ ধৰিলে । যেতিয়া বজাৰ ব্যৱস্থাত সোমাই দেখিলোঁ যে, এই কামটো কৰাৰ অসমত খুবেই প্ৰয়োজন হৈ আছে তেতিয়াই মোৰ বিশ্বাসবোৰ আৰু অধিক গাঢ় হ'বলৈ ল'লে ।
চাহ আৰু পিঠা- লাৰুৰ দৰে অসমীয়া লঘু খাদ্যখিনিকলৈ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তেই কিবা এটাৰ কৰাৰ বাবে হেপাহ জাগিছিল; যিদিনা মই তাৰ science canteen ত টেকেলি পিঠা বুলি ভাবি টেকেলি/কেটলি পিঠাৰ পৰিৱৰ্তে ইডলি খাব লগা হৈছিল। কিবা এটা ক্ষোভে মনটো ভৰাই পেলাইছিল ।
(২) প্ৰথমে পোৱা বাধাবোৰ কি আছিল? সেইবোৰৰ সৈতে কিদৰে মোকাবিলা কৰিলা?
বিদ্যুৎ : মোৰ দেউতা সৰুতেই ঢুকাইছিল বাবে পৰিয়ালৰ ফালৰ পৰা প্ৰথমে দুই-এজনে মোৰ সিদ্ধান্তটিৰ বিষয়ে পুনৰ ভাবি চাবলৈ কৈছিল যদিও পাছৰ পৰ্যায়ত তেঁওলোকে মোৰ লক্ষ্যটো বুজি উঠিছিল। তেতিয়া মূলধন বুলিবলৈ মোৰ হাতত মাত্ৰ দুহেজাৰ টকা আছিল। আৰ্থিক সমস্যা আহিছিল। মই ভাগ্যৱান যে মোৰ কিছুসংখ্যক বন্ধু আৰু শুভাকাংক্ষীয়ে মোৰ ভুৰুকাৰ সপোনটি বাস্তৱ কৰি তুলিছিল। তেওঁলোকলৈ মই আজীৱন কৃতজ্ঞ। বাকী কোনোধৰণৰ বাধা পোৱা নাই ।
(৩) তুমি আৰু তোমাৰ মাই এই সুন্দৰ যাত্ৰাটো চলাই গৈ আছা, ইয়াৰ পৰিসৰ কিমান দূৰলৈ বিস্তৃত কৰিব বিচাৰিছা?
বিদ্যুৎ : ভুৰুকাৰ বিস্তাৰিত কৰাৰ সপোন বহুখিনি আছে। কিন্তু প্ৰথমে মই ব্যৱসায় কি হয় সেইটো ভালকৈ শিকি ল'ব বিচাৰোঁ। সচৰাচৰ কোৱা হয় অসমীয়াই ব্যৱসায় কৰিব নাজানে। সেয়েহে ব্যৱসায়িকভাৱে আৰু অলপ অভিজ্ঞ হ'ব বিচাৰোঁ। বৰ্তমানে "Manufactured & Marketed ' ভুৰুকাৰ জৰিয়তে বুলি Sweetlife নামেৰে গুৰৰ পেকেট উলিয়াইছোঁ।
(৪) গুৱাহাটীৰ দৰে প্ৰত্যাহ্বানপূৰ্ণ আৰু ব্যয়বহুল ঠাইত এনে এক ক্ষুদ্ৰ ব্যৱসায়ক ঠন ধৰি উঠাবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল? আৰ্থিক প্ৰত্যাহ্বানবোৰৰ সৈতে কিদৰে জোৰা মাৰিছিলা? ক’ভিড পৰিস্থিতিয়ে তোমাৰ এই যাত্ৰাত হানি ঘটাইছে নেকি? ইয়াৰ সৈতে এতিয়া কিদৰে মোকাবিলা কৰিছা? ব্যৱসায় সম্প্ৰসাৰণৰ কথা কিদৰে ভাবিছা?
বিদ্যুৎ : হয় । ব্যৱসা‌য়িক ক্ষেত্ৰত গুৱাহাটী বহুত ব্যয়বহুল । সাধাৰণতে ক্ষুদ্ৰ ব্যৱসায়বোৰত বহুতখিনি কষ্ট থাকে। কিন্তু সেই ক্ষুদ্ৰ ব্যৱসায়বোৰত আৰু বেছি কষ্ট হয় যেতিয়া সেইটো এটা আপোনাৰ বাস্তৱ সপোন হয় । কষ্ট আৰু ত্যাগ এই দুটি কথা মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ। 'কা' আৰু ' কোভিদ'ৰ মাজত ভুৰুকাক জীয়াই ৰখাটো আছিল মোৰ জীৱনৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক কাম । এই সময়ছোৱাত কেতিয়াবা কান্দিব লগীয়াও হৈছে । কিন্তু এটা কথা ক'ব লাগিব যে, এই সময়ছোৱাতো অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ ভুৰুকালৈ হ্ৰাস পোৱা নাছিল । আৰু সেইখিনিয়েই ভুৰুকাৰ যাত্ৰা অব্যাহত ৰখাত সহায় কৰিছে ।
(৫) ‘ভুৰুকা’ই জনপ্ৰিয়তা অৰ্জন কৰিছে, তোমাক পৰিচয়ো দিছে। সমানে ই তোমাক আৰ্থিক স্বাচ্ছন্দ্য তথা ব্যৱসায়িক সাফল্য দিবলৈ সক্ষম হৈছেনে?
বিদ্যুৎ : হৈছে। মোক লগতে আমাৰ পৰিয়াল ভুৰুকাই সকলোখিনি দিছে।
(৬) নিজৰ যাত্ৰাটোৰ অভিজ্ঞতাৰে তোমাৰ সমবয়সীয়া উদ্যমী, উদ্যোগীসকলক কি ক’ব বিচাৰিবা?
বিদ্যুৎ : প্ৰথম, মানুহ তথা সমাজ সমস্যা সমাধানৰ হকে সদায় ব্যৱসায় কৰিব লাগে। লাভ ব্যৱসায়ৰ অবিচ্ছেদ্য অংগ। কিন্তু সেই লাভ আদায়ৰ চেষ্টা সমাজৰ বিপৰীতে যোৱা উচিত নহয়। কাৰণ সেই সমাজত বাস কৰা মানুহ খিনিয়েই আমাৰ গ্ৰাহক তথা অতিথি। দ্বিতীয়তে, খুব কম বয়সত ব্যৱসায় আৰম্ভ কৰিব পাৰিলে ভাল। অসমীয়া মূৰত থকা গ্লানিটো আতৰাব পৰা‌ যায়। লগতে অভিজ্ঞ হ'ব পৰা যায়। তৃতীয়, কমফৰ্ট জ’নৰপৰা ওলাই আহি ৰিস্ক লোৱাৰ ক্ষমতা গঢ়িব লাগে। চতুৰ্থ, আৱেগেৰে যাতে কেতিয়াও ব্যৱসায় নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?