--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্প্ৰতি ব্যস্ত আছে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নিৰ্বাচনী সভাত প্ৰদান কৰা উত্তেজক আৰু বিভাজনমুখী মন্তব্যৰে ঝাৰখণ্ডৰ নিৰ্বাচনী পৰিৱেশ উত্তাৱল কৰি তুলিছে৷হিমন্ত বিশ্ব শৰ্মাৰ এনে বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত শনিবাৰে এজাহাৰ দাখিল কৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি, ১ নৱেম্বৰত শৰাথত দিয়া ভাষণত বিজেপি নেতাগৰাকীয়ে কোনো নাম উল্লেখ নকৰাকৈ কয় যে এই ভোটৰসকলে এঠাইত ভোট দিব, কিন্তু আমাৰ হিন্দুসকলে ইয়াত আধা আৰু তাত আধা ভোট দিব। এটা বিশেষ সম্প্ৰদায়ে তেওঁলোকক ভোট দিব বাবে চৰকাৰে এই অনুপ্ৰৱেশকাৰীক আমন্ত্ৰণ জনাইছে বুলি মন্তব্য কৰিছিল৷

ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা সকলে ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত  উল্লেখ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান সংখ্যালঘুসকলক লক্ষ্য কৰি আগন্তুক নিৰ্বাচনৰ সময়ত হিংসাৰ উচটনিমূলক আৰু গৃহযুদ্ধ সদৃশ পৰিৱেশ সৃষ্টিকাৰী অত্যন্ত ঘৃণনীয় তথা বিভাজনমূলক বক্তব্য কৰিছিল৷

ইয়াৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা সকলে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে তেওঁৰ ভাষণত মুছলমান শব্দও উচ্চাৰণ কৰা নাই বুলি উল্লেখ কৰে৷

আৰু কয় ‘মোৰ বিৰুদ্ধে অভিযোগ কিয়? মই কি কৈছো? মই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা ক’লে তেওঁলোক কিয় আঘাতপ্ৰাপ্ত হয়?, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা কোৱাটো ভুল বুলি ক'ত লিখা আছে?’ লগতে কয় যে হিন্দুৰ কথা কোৱাৰ অৰ্থ মুছলমানক টাৰ্গেট কৰা নহয়। ভাৰতবৰ্ষ এক হিন্দু সভ্যতা আৰু হিন্দু সুৰক্ষা দিয়াৰ কথা কোৱাটো এটা ইতিবাচক কথা বুলি উল্লেখ কৰে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?