--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোনাক্ষী সিনহা আৰু জহীৰ ইকবালে একেলগে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। আৰম্ভণিৰে পৰাই সোণাক্ষী আৰু জহীৰৰ বিবাহৰ নিয়ম, হিন্দু বা মুছলমানক লৈ জল্পনা-কল্পনা চলিছিল। অৱশ্যে সেই জল্পনা-কল্পনাৰ অন্ত পেলালে সোণাক্ষীৰ ভাবী শহুৰেক ইকবাল ৰতনচিয়ে। তেওঁ কয় যে সোণাক্ষী আৰু জহীৰৰ বিবাহ কোনো ধৰ্মীয় নীতি-নিয়ম মানি চলা নাই। মুছলমান পৰিয়ালত বিবাহপাশত আবদ্ধ হ’লেও সোণাক্ষীয়ে নিজৰ ধৰ্ম সলনি নকৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

‘বিশেষ বিবাহ আইন’ অনুসৰি বিয়া হ’ব সোণাক্ষী-জাহিৰে। ইয়াৰ পূৰ্বে অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদেও এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ হৈছিল।

ভাৰতবৰ্ষত বিবাহ আইন তিনি প্ৰকাৰৰ। ১) হিন্দু বিবাহ আইন ২) মুছলমান বিবাহ আইন আৰু ৩) বিশেষ বিবাহ আইন। এই বিশেষ বিবাহ আইনখন ১৯৫৪ চনৰ ৯ অক্টোবৰত সংসদত গৃহীত হয়। এই আইনখনে কোনো ধৰ্মীয় ৰীতি-নীতি পালন নকৰাকৈ বিবাহৰ অধিকাৰ প্ৰদান কৰে। এই আইনত ধৰ্মান্তৰকৰণৰ কথা কোৱা হোৱা নাই। ধৰ্মীয় পৰিচয় সলনি নকৰাকৈ এজনে বিয়া পাতিব পাৰে।

জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকে এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ কৰিব পাৰিব। আনকি যিসকলে নিজকে ধৰ্মীয় পৰিচয়ৰ পৰা আঁতৰাই ৰাখিব বিচাৰে তেওঁলোককো এই আইনৰ অধীনত বিবাহৰ অধিকাৰ দিয়া হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?