--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি ক্ৰমাগত তৃতীয়বাৰৰ বাবে বংগৰ মুখ্যমন্ত্ৰীৰ শপত ল’লে মমতা বেনাৰ্জীয়ে। বিজেপিৰ প্ৰবল প্ৰত্যাহ্বানক নেওচি মমতাই চমকপ্ৰদ জয়েৰে শাসন নিজৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হ’ল যদিও নিৰ্বাচনোত্তৰ হিংসাই বংগক আজিও অস্থিৰ কৰি ৰাখিছে। ভালেমান লোকে প্ৰাণ হেৰুৱাইছে এই হিংসাত। যাৰ বাবে স্বাভাৱিকতে অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ হটস্পট : গুৱহাটীৰ বহু অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন, চাওক সবিশেষ

আজি শপত লোৱাৰ পাছতে মমতাই এই পৰিস্থিতিক লৈ কঠোৰ বাৰ্তাৰ সন্মুখীন হ’ল। ৰাজ্যপাল জগদীপ ধানখৰে শপত লোৱাৰ পাছতে মমতালৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, ‘আমাৰ প্ৰাথমিক প্ৰাধান্য হৈছে অতি অবাঞ্চিত আৰু ভয়ংকৰ নিৰ্বাচনোত্তৰ হিংসা বন্ধ কৰোঁৱা। মই বিশ্বাস কৰোঁ যে, মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভগ্নীয়ে ৰাজ্যখনত আইনৰ শাসন প্ৰণয়নৰ বাবে সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।’ মমতাক কনিষ্ঠ ভগ্নী বুলি সম্বোধন কৰিও হিংসা প্ৰতিৰোধৰ কঠোৰ বাৰ্তা দিয়ে ৰাজ্যপালগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : সম্ভাৱনা! UAE-লৈ স্থানান্তৰ হব পাৰে আইপিএল-২০২১

উল্লেখ্য যে, নিৰ্বাচনোত্তৰ হিংসাই ৰাজ্যখনত ভালেমান লোকৰ প্ৰাণ কাঢ়িছে। বিজেপি আৰু তৃণমূল উভয়েই পৰস্পৰৰ বিৰুদ্ধে হিংসাৰ অভিযোগ আনিছে আৰু আক্ৰমণ প্ৰত্যাক্ৰমণো চলি আছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়েও বংগৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। মমতা বেনাৰ্জীয়ে শান্তিৰ আহ্বান জনাইছে যদিও ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে অধিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?