--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডালিমত ভিটামিন, পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট থাকে। ডালিমৰ কেলৰি আৰু চৰ্বি কম হোৱাৰ বিপৰীতে ই আঁহ, ভিটামিন আৰু আইৰনসমৃদ্ধ এবিধ ফল। ইয়াত থকা এন্টিঅক্সিডেন্ট স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী।

 হজমৰ পৰা আৰম্ভ কৰি ৰক্তহীনতা দূৰ কৰালৈকে বহুতো সমস্যাৰ সমাধান পোৱা যায় এই ডালিমৰ পৰা। গৱেষণাৰ পৰা দেখা গৈছে যে ডালিমৰ গুটিত এন্টিঅক্সিডেন্ট যৌগ থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে। দৈনিক ডালিম সেৱন কৰিলে শৰীৰৰ পৰা হোৱা প্ৰদাহ কমোৱাৰ লগতে স্বাস্থ্যৰ উন্নতিৰ বাবে বিশেষভাৱে উপকাৰী। ডালিমে বহু ৰোগৰ পৰা সুৰক্ষা দি বিশেষভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ সাধন কৰে।

 ১. হৃদৰোগৰ পৰা সুৰক্ষাঃ-অধ্যয়নত দেখা গৈছে যে পলিফেনলিক যৌগৰে সমৃদ্ধ ফল সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য উপকাৰী হয়। ইয়াৰ পৰিমাণ ডালিমত পোৱা যায়। টেষ্ট-টিউবৰ অধ্যয়নত দেখা গৈছে যে ডালিমৰ নিষ্কাশনে ধমনীত অক্সিডেটিভ ষ্ট্ৰেছ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায়ক, যাৰ ফলত ৰক্তচাপ বৃদ্ধি ৰোধ কৰাৰ লগতে হাৰ্টএটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

 ২. মগজুৰ সুস্থ কৰি ৰাখেঃ-ডালিম সেৱন কৰা লোকৰ মগজুৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম হয়। ডালিমত এলাজিটানিন নামৰ যৌগ থাকে, যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু শৰীৰত হোৱা প্ৰদাহ কমায়। মগজুৰ প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰাত ইয়াৰ ব্যৱহাৰ অতি উপকাৰী। সেয়েহে কিছুমান গৱেষণাৰ পৰা দেখা যায় যে এলাজিটানিনে মগজুৰ কোষৰ স্বাস্থ্য বৃদ্ধি কৰি এলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

 ৩. পাচনৰ বাবে উপকাৰীঃ-পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ দৈনিক ডালিম সেৱন কৰাটোও স্বাস্থ্যৰ বাবে উপকাৰী। অধ্যয়নত দেখা গৈছে যে ডালিমৰ প্ৰদাহ প্ৰতিৰোধী আৰু কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আছে, যিয়ে আন্ত্ৰিক অংশ সুস্থ কৰি ৰখাত সহায়ক হব পাৰে। ইয়াৰ গুটিতো আঁহৰ পৰিমাণ পোৱা যায়, যিয়ে চোবাই খাই পাচনতন্ত্ৰক সুস্থ কৰি ৰাখে, লগতে কোষ্ঠকাঠিন্য আৰু মলত্যাগৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

 ৪. শৰীৰত তেজ বৃদ্ধি কৰেঃ-শৰীৰত হিমগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ডালিম সেৱন কৰাটো বিশেষভাৱে উপকাৰী বুলি কোৱা হয়। ডালিমত কেলছিয়াম আৰু আইৰন উভয়ৰে সমৃদ্ধ উৎস। হিগ্লবিন বৃদ্ধিৰ বাবে ই অন্যতম উত্তম খাদ্য। নিয়মিতভাৱে ডালিম সেৱন কৰাসকলৰ ৰক্তহীনতা সমস্যাৰ সম্ভাৱনা কম। ৰক্তহীনতাৰ সমস্যাই বহু গুৰুতৰ ৰোগৰো সম্ভাৱনা বৃদ্ধি কৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?