--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুজন ৰাষ্ট্ৰপ্ৰধানৰ বাতৰিয়ে এতিয়া শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কিয়নো আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত পুনৰ দেখা গ'ল এক বিশেষ দৃশ্য। আমেৰিকা ভ্ৰমণলৈ যোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীক ধমক দিলে ড'নাল্ড ট্ৰাম্পে।

উল্লেখযোগ্য যে শুকুৰবাৰে হোৱাইট হাউছত  আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত এক চুক্তিৰ বাবে আলোচনা অনুষ্ঠিত হৈছিল। হোৱাইট হাউছৰ বন্ধ কোঠাৰ বিপৰীতে কেমেৰাৰ সন্মুখত অনুষ্ঠিত হোৱা এই আলোচনাই ফালৰি কাটি গৈ যুদ্ধৰ প্ৰসংগক সামৰি লয়। এই সমগ্ৰ আলোচনাৰ সাক্ষী হৈছিল বিশ্ব। এই আলোচনাত তীব্ৰ বাক- বিতণ্ডাৰ সৃষ্টি হয় জেলেনেস্কী আৰু ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত। 

আমেৰিকাই ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিলৈ আহিবলৈ হেঁচা প্ৰয়োগ কৰে, কিন্তু হত্যাকাৰীৰ সৈতে কোনো কাৰণত শান্তি আলোচনা নকৰে বুলি স্পষ্টভাৱে ট্ৰাম্পক সকীয়াই দিছিল। যাৰ বাবে ড'নাল্ড ট্ৰাম্প উত্তেজিত পৰে আৰু জেলেনস্কীক ধমক দিয়ে। ইউক্ৰেইনৰ জনতাৰ জীৱনৰ সৈতে আপুনি জুৱা খেলি আছে বুলি ধমক দিয়ে ড'নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ ৰাছিয়াৰ সৈতে যুদ্ধ বিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল ইউক্ৰেইনক। আমেৰিকাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। যাৰ বাবে হোৱাইট হাউছত অশালীন ভাষাৰে গালি দিয়ে ড'নাল্ড ট্ৰাম্পে।

ইফালে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধত আমেৰিকাই সহায় কৰি আহিছে ইউক্ৰেইনক। সেয়ে আমেৰিকাক ধন্যবাদ নজনোৱাৰ অভিযোগ ভলাডিমিৰ জেলেনস্কীৰ বিৰুদ্ধে উপ-ৰাষ্ট্ৰপতি জে ডি ভাঞ্চৰ। আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ধমকৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ  প্ৰতি সমৰ্থন আগবঢ়াইছে বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?