ডিজিটেল ডেস্ক: ট্ৰেফিক চালান দিয়াটো এতিয়া অতি সহজ হ’ব। এতিয়া আপুনি হোৱাটছএপৰ জৰিয়তে আপোনাৰ ফোনত চালান সম্পৰ্কে প্ৰতিটো তথ্য লাভ কৰিব পাৰিব। কেৱল এয়াই নহয়, হোৱাটছএপৰ জৰিয়তেও ধন পৰিশোধ কৰিব পাৰিব।

শীঘ্ৰে হোৱাটছএপৰ জৰিয়তে ট্ৰেফিক চালান প্ৰেৰণৰ প্ৰস্তুতি চলাইছে পৰিবহণ বিভাগে। শেহতীয়াকৈ দিল্লী চৰকাৰে এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত কোৱা হৈছে যে এতিয়া ট্ৰেফিক নিয়ম উলংঘা কৰাসকলক হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ ই-চালান প্ৰেৰণ কৰা হ’ব। তাত দিয়া লিংকৰ পৰাও ধন পৰিশোধ কৰিব পাৰিব। এই সেৱা সম্পূৰ্ণ বিনামূলীয়া।
এই ব্যতিক্ৰম পদক্ষেপ লোৱাৰ কাৰণ হৈছে বহু সময়ত মানুহে চালানৰ সৈতে জড়িত বাৰ্তা লাভ নকৰে, যাৰ বাবে তেওঁলোকে চালান পৰিশোধ কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়া হোৱাটছএপ চিষ্টেম সক্ৰিয় হোৱাৰ পিছত তৎক্ষণাত চালান দিয়াটো সহজ হ’ব। ইয়াৰ দ্বাৰা যান-বাহন আৰক্ষী আৰু পৰিবহণ বিভাগো যথেষ্ট সকাহ পাব। হোৱাটছএপৰ ট্ৰেফিক চালান চিষ্টেম সক্ৰিয় হোৱাৰ পিছত আপোনাৰ ফোনত চালান সম্পৰ্কীয় তথ্য, সোঁৱৰাই দিয়া আদিৰ সৈতে জড়িত আপডেট পাব। ইয়াৰ উপৰিও চালান জমা কৰাৰ পিছত হোৱাটছএপৰ জৰিয়তেও ল’ব পাৰিব ইয়াৰ ৰচিদ।

এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ পিছত মানুহে চালানৰ বিষয়ে তথ্য লাভ কৰাটো অতি সহজ হৈ পৰিব। এই ব্যৱস্থা অতি সোনকালে পৰিবহণ বিভাগে ৰূপায়ণ কৰিব, যাতে মানুহে ইয়াৰ সম্পূৰ্ণ সুবিধা ল’ব পাৰে।