--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ১০০খন ছবিত অভিনয় কৰা বলীউডৰ অভিনেত্ৰী হেমা মালিনীয়ে চলচ্চিত্ৰ জগতত এক বৃহৎ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। হেমা মালিনীক ড্ৰীম গাৰ্ল নামেৰে জনা যায়। মাতৃৰ সপোন আছিল দশম মানলৈকে পঢ়া হেমাক এগৰাকী সফল অভিনেত্ৰী আৰু নৃত্যশিল্পী হিচাপে গঢ়ি তোলা। নৃত্যত হেমাই সফলতা লাভ কৰিছিল যদিও ছবিৰ জগতখনত ভৰি দি বহুত উত্থান-পতনৰ সন্মুখীন হৈছিল। হেমাই আগতে ছবিৰ অডিচনলৈ গৈছিল যদিও বহুবাৰ নাকচ হৈছিল। ইটোৰ পিছত সিটোকৈ বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তেওঁ কেতিয়াও হাৰ নামানিলে।

১৯৬১ চনত হেমাই প্ৰথমবাৰৰ বাবে তামিল ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ পাইছিল। হেমাই অভিনয় আৰম্ভ কৰাৰ লগে লগে ছবিখনৰ পৰিচালকে তেওঁক নাকচ কৰি কয় যে তেওঁ বহুত ক্ষীণ আৰু তেওঁ কেতিয়াও নায়িকা হ’ব নোৱাৰে। ইয়াৰ লগতে পৰিচালকজনে কয় যে হেমাৰ গাত নায়িকাসুলভ কোনো গুণ নাই, গতিকে তেওঁ এইখন ক্ষেত্ৰত অহা উচিত নহয়। 

হেমা আৰু তেওঁৰ মাতৃৰ এই কথাত গভীৰ দুখ লাগিছিল যদিও হেমা এটা কথাত সুখী আছিল যে তেওঁ আৰু চিনেমাত কাম কৰিব নালাগে। হেমাক অভিনেত্ৰী হিচাপে গঢ় দিয়াত মাতৃৰহে আগ্ৰহ আছিল, হেমাৰ নাছিল। কিন্তু এইবোৰ কথাৰ বাবে মাতৃক দুখী দেখি হেমাৰ দুখ লাগে আৰু মনতে তেওঁ সিদ্ধান্ত ল’লে যে চিনেমাত অভিনয় কৰি মাতৃক সুখী কৰি তুলিব।

ইয়াৰ পিছত তেওঁ বহু তামিল ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৪ বছৰে তেওঁ ৰিজেক্ট হয় আৰু কেতিয়াবা কিছুমান সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশেষত ৰাজ কাপুৰৰ ছবি 'সপ্নো কে সৌদাগৰ'ৰ জৰিয়তে হেমাই নায়িকা হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ পালে। ৰাজ কাপুৰৰ এই ছবিখনৰ পিছত হেমাই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ'ল আৰু ড্ৰীম গাৰ্ল হৈ বলীউডত আধিপত্য বিস্তাৰ কৰিলে। 'শ্বোলে', 'সীতা ঔৰ গীতা', 'সত্তে পে সত্তা',  আদি বহু হিট ছবিত অভিনয় কৰি উজলি উঠে হেমা মালিনী। হেমা মালিনীৰ স্থান এতিয়া ক'ত, সেয়া নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?