--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মনিৰপেক্ষতা, সমাজবাদ আৰু প্ৰগতিশীলতা বিশ্বাসী, অসমৰ আঞ্চলিক ৰাজনৈতিক ক্ষেত্ৰত এক অনবদ্য সংযোজন ৰাইজৰ দল৷ ৰাইজৰ দল গঠন হৈছিল  কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ২০২০ চনৰ ২ অক্টোবৰত৷ এক প্ৰগতিশীল আঞ্চলিক বিকল্প প্ৰদান কৰা লক্ষৰে গঠন কৰা দলটোৱে ‘নেতৃত্ব নতুনৰ লক্ষ্য সূৰ্যোদয়ৰ’ উদ্দেশ্য আগত ৰাখি যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছে৷ 

দলটোৰ বিশ্বাস নতুন প্ৰজন্মই আঞ্চলিক ৰাজনৈতিক শক্তিক বৃদ্ধি কৰাৰ লগতে জাতি-ভেটি, ভাষা-সংস্কৃতি আৰু অৰ্থনীতিও আঞ্চলিক শক্তিয়ে সমৃদ্ধ কৰিব৷ বৃহস্পতি বাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে দলটোৱে।

উক্ত যোগদান কার্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজৰ একাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ সমাজে যোগদান কৰে। বীৰ লাচিত সেনা, ভাৰতীয় জনতা যুৱ মৰ্চাকে ধৰি বিভিন্ন সংগঠন ত্যাগ কৰি শতাধিক যুৱ সমাজে আজি জাতীয় যুৱ বাহিনীত যোগদান কৰে। 

উনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি ৰাতুল ৰয়, নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিটিত যোগদান কাৰ্যসূচী সমাপন হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?