--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সত্ৰ আদালতে বুধবাৰে শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান ৰ জামিনৰ ওপৰত ৰায় দিব। ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ পাছত আৰিয়ানৰ লগতে আন সতীৰ্থ কেইজনো বৰ্তমান ন্যায়িক জিম্মাত আছে। আনহাতে, বলীউডৰ কিং খানে আৰিয়ানৰ জামিনৰ বাবে উঠি পৰি লাগিছে। এই সংকটৰ সময়ত বলীউড একাংশ শুভাকংক্ষীয়ে শ্বাহৰূখৰ কাষত থিয় দিছে যদিও সান্ত্বনা বাণীয়ে গলাব পৰা নাই বাদশ্বাহৰ মন। শ্বাহৰূখৰ বন্ধু আৰু বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু তেওঁৰ পিতৃ চিত্ৰনাট্যকাৰ ছেলিম খান কালি বাদশ্বাহ প্ৰাসাদলৈ গৈছিল। বলীউড প্ৰযোজক কৰণ জোহৰ আৰু ফাৰাহ খানেও শ্বাহৰূখৰ ঘৰলৈ গৈ প্ৰিয় শ্বাহৰূখক সান্ত্বনা দিছে।

আৰিয়ান
আৰিয়ান


ষ্টাৰকিড হোৱাৰ পাছতো সাদাৰণ কয়দীৰ দৰে কাৰাগাৰত আছে আৰিয়ান।তাকে লৈ খৰ্গহস্ত শ্বাহৰূখ। কত যোৱা নাই শ্বাহৰূখে…কি কৰা নাই। এইবাৰ আৰু এখোপ আগুৱাই শ্বাহৰূখে কৰিলে বিকল্প পথৰ সন্ধান। শ্বাহৰূখে আৰিয়ানৰ জামিনৰ বাবে দেশৰ প্ৰখ্যাত আইনী পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ বিচাৰিছে। শ্বাহৰূখ আৰু গৌৰীয়ে নিয়মীয়াকৈ কাৰাগাৰৰ ছুপাৰৰ পৰা আৰিয়ানৰ খবৰ লৈ আছে। উল্লেখ্য যে, জামিনৰ আবেদন দুবাৰ খাৰিজ কৰাৰ পাছত শ্বাহৰূখে এইবাৰ লৈছে বিকল্প ব্যৱস্থা। শ্বাহৰূখ পুত্ৰ আৰিয়ানৰ জামিনৰ বাবে অধিবক্তা সলনি কৰিছে কিং খানে । মুম্বাইৰ অধিবক্তা সতীশ মানশিন্দে ইমান দিন ধৰি শ্বাহৰূখৰ পুত্ৰৰ জামিনৰ বাবে যুঁজ দি আছিল। কিং খানে এতিয়া তেওঁৰ সলনি প্ৰসিদ্ধ অধিবক্তা অমিত দেশাইক লৈছে।

আৰিয়ান

ছলমান খানৰ 'কাৰ-ড্ৰাইভিং' গোচৰত যুঁজ দিছিল অমিত দেশাই-এ।অমিত দেশাইৰ বলিষ্ঠ যুক্তিৰ বলতে ২০০২ চনত গোচৰটোৰ পৰা মুক্তি পাইছিল ভাইজানে। গতিকে, অমিত দেশাইৰ ওপৰতে এতিয়া ন্যস্ত আছে আৰিয়ানৰ ভাগ্যদশা! মুকলি আকাশলৈ আহিব পাৰিব নে আৰিয়ানে ? হয় বেল নহয় জেল' …সেয়া বুধবাৰে সত্ৰ ন্যায়ধীশৰ আদালততে স্পষ্ট হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?