--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ অগ্নিকাণ্ডই ইৰাণত ত্ৰাসৰ সৃষ্টি কৰিছে। দেশ খনৰ  এটা পুনৰ্সংস্থাপন কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। অগ্নিকাণ্ডত এতিয়ালৈকে কমেও ৩২  জন লোকৰ মৃত্যু ঘটিছে। কেইবাজনো লোক গুৰুতৰভাবে অগ্নিদগ্ধ হৈছে। 

অৱশ্যে জুইলগাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে উত্তৰ ইৰাণৰ গিলান প্ৰদেশৰ লাংগাৰাদ চহৰৰ  পুনৰ্সংস্থাপন কেন্দ্ৰটোত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ঘটে। 

গিলান প্ৰদেশৰ উপ ৰাজ্যপাল মহম্মদ জালাই কয় "ঘটনাটোত ষোল্লজন লোক আহত হৈছে, যাৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক," ।  গিলান প্ৰদেশৰ মুখ্য ন্যায়াধীশ ইছমাইল চাদেঘিয়ে কয়  যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। পুনৰ্সংস্থাপন কেন্দ্ৰৰ পৰিচালককে  ধৰি কেইবাজনো সন্দেহজনক লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশিত ভিডিঅ'সমূহত দেখা গৈছে যে কেন্দ্ৰটোত জুই লগাৰ ফলত  ক'লা ধোঁৱাই সমগ্ৰ এলেকাটো  আৱৰি ধৰে। ঘৰটোৰ চাল, দেৱাল আৰু খিৰিকী ক্ষতিগ্ৰস্ত হৈছে। উল্লেখ্য এই বছৰৰ আগষ্ট মাহত ইৰাণৰ ৰাজধানী তেহৰাণৰ এখন বজাৰত জুই লাগিছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?