--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেৱালীৰ পূৰ্বে ভাৰতৰ মহাকাশ অন্বেষণত   নজিৰ সৃষ্টি কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। ইছৰোৰ আটাইতকৈ গধুৰ ৰকেটটোৰে একে সময়তে ৩৬ টা উপগ্ৰহ  মহাকাশলৈ প্ৰেৰণ কৰা হ’ল। এই উপগ্ৰহৰ মুঠ ওজন প্ৰায় ৬,০০০ টন। 

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোৰ ৰকেটেৰে উপগ্ৰহ কেইটা মহাকাশলৈ প্ৰেৰণ কৰা হয়।ইছৰোৰ সহযোগী ৱানৱে বৰ অধ্যক্ষ সুনীল ভাৰতী মিট্টালে কয়, "ৱানৱেবেই ছয়টা ৰকেট উৎক্ষেপণ কৰিব বিচাৰিছিল। কিন্তু ৰাছিয়া - ইউক্ৰেইনৰ যুদ্ধৰ  বাবে অভিযানটো  পিছুৱাই দিয়া হৈছিল। 

সেই সময়তে সহায় ভাৰত আগবাঢ়ি আহিছিল। ইয়াৰ ফলস্বৰূপে, ইছৰোৰ) ৰকেটটোৱে মহাকাশলৈ ৩৬ টা  উপগ্ৰহ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।"(ইছৰো)ই সংস্থাটোৰ  আটাইতকৈ ডাঙৰ ৰকেট এলভিএম৩-এম২ ত ৩৬ টা ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন ২১ অক্টোবৰৰ পৰা  অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্পেচপোৰ্টত আৰম্ভ হৈছিল।

এই  অভিযান  নিউস্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ অধীনত কৰা হৈছে। ই হৈছে প্ৰথম মাল্টি-চেটেলাইট মিছন, যি এলভিএম৩ (৫,৭৯৬ কিগ্ৰা)ৰ জৰিয়তে  ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এই উপগ্ৰহ কেইটাই যোগাযোগ নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱা শক্তিশালী কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।  

ব্ৰিটেইনৰ নেটৱৰ্ক এক্সেছ এছ'চিয়েটছ লিমিটেড আৰু নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা ব্যৱসায়িক চুক্তিৰ ফলতে অভিযান সফল হৈ উঠিছে।  ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা মতে উপগ্ৰহ কেইটাই  পৃথিৱীৰ পৰা ১,২০০ কিমি ওপৰত অৱস্থান কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?