ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন এক বৃৎ সফলতা! বুধবাৰে পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি ৰকেটৰ জৰিয়তে নেভিগেচন উপগ্ৰহ এনভিএছ-২ সফলতাৰে উৎক্ষেপণ কৰে। এইটো আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ১০০ সংখ্যক মিছন। ইছৰোৰ মুৰব্বী ভি নাৰায়ণনৰ লগতে অভিযানটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়াই অভিযানটোৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰে।
বুধবাৰে পুৱা ৬:২৩ বজাত কৃত্ৰিম উপগ্ৰহ এনভিএছ-২ কঢ়িয়াই অনা জিএছএলভি এফ-১৫ ৰকেট সফলতাৰে উৎক্ষেপণ কৰি ইতিহাস ৰচিলে ইছৰ’ই। জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল চমুকৈ জিএছএলভি এফ-১৫ হৈছে থলুৱা ক্ৰাইজেনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ত্ৰিস্তৰীয় ৰকেট। এই ৰকেটৰ জড়িয়তে এনভিএছ-২ নেভিগেচন উপগ্ৰহৰ পৃথিৱীৰ কক্ষপথত স্থাপন কৰে।
মন কৰিবলগীয়া যে ইছৰোৱে ১৯৭৯ চনৰ ১০ আগষ্টত শ্ৰীহৰিকোটাৰ পৰা প্ৰথম এছএলভি-৩ ৰকেট উৎক্ষেপণ কৰিছিল। কাৰিকৰী বিজুতিৰ বাবে ই বংগোপসাগৰত ভাঙিপৰিছিল। সেই ঘটনাই এতিয়া ৪৫ অতিক্ৰম কৰিলে। প্ৰথম বিফলতাৰ পিছত ইছৰ’ই বহু সফলতাৰ নিদৰ্শন দাঙি ধৰিছে। চন্দ্ৰযান, মংগলায়ন, আদিত্য এল-১ উৎক্ষেপণ, আদি বহুতো! জিএছএলভি এফ-১৫ ৰকেট সফলতাৰে উৎক্ষেপণৰ পাতে ইছৰোৰ এই সফলতাৰ তালিকাত সংযোজন হ’ল আন এটা মিছন।