--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইছৰোই  দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ  পৰা ইয়াৰ প্ৰথম নতুন ৰকেট ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন SSLV-D1 উৎক্ষেপণ কৰে।  SSLV-D1-এ  'পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ-০২' (EOS-02) ক মহাকাশলৈ কঢ়িয়াই লৈ গৈছে। লগতে  SSLV-D1-এ   উপগ্ৰহটোৱে  শিক্ষাৰ্থীয়ে তৈয়াৰ কৰা  'আজাদিছাট' নামৰ উপগ্ৰহটোও  কঢ়িয়াই লৈ গৈছে।

ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে জনায় যে SSLV-D1-এ সকলো পৰ্যায়তে আশা কৰা অনুসৰি অগ্ৰসৰ হৈ আছে। তেওঁ কয় যে অভিযানৰ অন্তিম পৰ্যায়ত কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও সেই বোৰ দূৰ কৰি SSLV-D1-ক  নিৰ্দিষ্ট কক্ষপথত উপনীত কৰাৰ বাবে  সকলো ব্যৱস্থাই কৰা হৈছে৷  সম্পূৰ্ণ অভিযানটো সফল হোৱা বুলিও তেওঁ কয়৷

উল্লেখ্য ইছৰোৱে পৃথিৱীৰ কক্ষপথত ৫০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ  উপগ্ৰহ স্থাপন কৰাৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে দ্ৰুত গতিত বিকশিত হোৱা এছ.এছ.এল.ভিৰ জৰিয়তে মানুহৰ কামত অহা তথ্য আহৰণ কৰা। 

চেন্নাইৰ পৰা প্ৰায় ১৩৫ কিলোমিটাৰ দূৰত থকা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ  প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা ৯.১৮ বজাত ৰকেটটো উৎক্ষেপণ কৰা হয় । উৎক্ষেপণৰ প্ৰায় ১৩ মিনিট পিছত  ৰকেটত প্ৰেৰণ কৰা  দুয়োটা  উপগ্ৰহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাটো সম্ভৱ হৈ পৰে। ইছৰোৱে ইয়াৰ বিশ্বস্ত পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি), জিঅ'ষ্টেচনেৰী চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ  আদিও  সফলভাবে মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ 

এছএছএলভি ৩৪ মিটাৰ দীঘল ৷ দৈৰ্ঘৰ দিশৰ পৰা ই  পিএছএলভিতকৈ প্ৰায় ১০ মিটাৰ কম ৷ পিএছএলভিৰ ২.৮ মিটাৰৰ ব্যাসৰ তুলনাত ইয়াৰ ব্যাস দুই মিটাৰ।

ইছৰোৱে ইনফ্ৰা-ৰেড বেণ্ডত উন্নত অপ্টিকেল ৰিম'ট চেঞ্চিং ব্যৱস্থাৰ উন্নয়নৰ বাবে  এটা পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ নিৰ্মাণ কৰিছে।  'আজাদিছাট'ত ৭৫ টা বিভিন্ন সঁজুলি আছে, প্ৰতিটোৰ ওজন প্ৰায় ৫০ গ্ৰাম। সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰীসকলক 'স্পেচ কিডছ ইণ্ডিয়া'ৰ অধীনত  এই সঁজুলিবোৰ নিৰ্মাণ কৰিবলৈ ইছৰো বিজ্ঞানীসকলে কৈছিল৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?