--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইডেন গার্ডেনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়েৰে অভিলেখ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ)। আই পি এলত তিনিটা দলৰ বিৰুদ্ধে ২০ অথবা ততোধিক মেচত জয় পালে কে কে আৰে। পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাছ বেংগালুৰুৰ (আৰ চি বি) পাছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেও দমনীয় প্রদর্শন দাঙি ধৰিলে কে কে আৰে। 

বৃহস্পতিবাৰে হায়দৰাবাদক ৮০ ৰানত হৰুৱালে কলকাতাই। ইডেনত সেই জয়েৰে নজিৰ গঢ়িলে আজিংক্য ৰাহানে বাহিনীয়ে। ইয়াৰ আগেয়ে পঞ্জাবৰ বিৰুদ্ধে আই পি এলৰ ইতিহাসত ২১বাৰ জয়ৰ মুখ দেখে কলকাতাই। এইবাৰৰ আই পি এলৰ প্ৰথম মেচত কলকাতাই হৰুৱাইছিল বেংগালুৰুক। সেয়া আছিল বিৰাট কোহলীৰ বেংগালুৰুৰ বিৰুদ্ধে কলকাতাৰ ২০সংখ্যক জয়। বৃহস্পতিবাৰে হায়দৰাবাদৰ বিৰুদ্ধেও ২০ সংখ্যক জয় সাব্যস্ত কৰে কলকাতাই। 

প্রথম দল হিচাপে আই পি এলত তিনিটা দলৰ বিৰুদ্ধে ২০ বা তাৰ অধিক মেচত জয়ৰ ৰেকৰ্ড গড়ে কে কে আৰে। মেচখনত প্রথমে বেট ধৰি কলকাতাই ছটা উইকেট হেৰুৱাই ২০০ ৰান কৰে। আজিংক্য ৰাহানে ৩৮, অংগকৃশ ৰঘুবংশী ৫০, ভেংকটেশ আয়াৰ ৬০ আৰু ৰিংকু সিঙৰ ৩২ ৰানৰ জৰিয়তে কলকাতাই ২০০ ৰান কৰে। প্ৰত্যুত্তৰত ১৬.৪ অ'ভাৰত হায়দৰাবাদে ১২০ ৰানহে কৰে। দলৰ হৈ হেইনবিচ ক্লাছেনে সর্বাধিক ৩৩ ৰান কৰে। কলকাতাৰ বৈভৱ আৰোৰা আৰু বৰুণ চক্ৰৱতীয়ে তিনিটাকৈ আৰু আন্দ্ৰে ৰাছেলে পায় দুটা উইকেট।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?