ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ইয়াৰ সূতৰ হাৰ বৃদ্ধি স্থগিত ৰাখিব পাৰে বুলি আশা কৰা হৈছে । এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনত এই কথা কোৱা হৈছে। ৰেপো ৰেট হৈছে সূতৰ হাৰ যি হাৰত আৰবিআইয়ে সকলো বাণিজ্যিক বেংকক ধন ধাৰ দিয়ে। পৰৱৰ্তী মুদ্ৰা নীতি বৈঠক ২০২৩ চনৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব। এই বৈঠকতে সূতৰ হাৰ বৃদ্ধিৰ প্ৰস্তাৱ স্থগিত ৰখাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদন খনত কোৱা হৈছে।
ফেব্ৰুৱাৰীৰ আৰম্ভণিতে আৰ.বি.আই.-ৰ শেহতীয়া মুদ্ৰা নীতি সমিতিয়ে ৰেপো ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৬.৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল।সূতৰ হাৰ বৃদ্ধিৰ দ্বাৰা অৰ্থনীতিৰ সুস্থিৰতা বজাই ৰখাৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস হোৱাত সহায় হয়।
২০২০ চনৰ আৰম্ভণিতে যেতিয়া কোভিডে বিশ্বত আঘাত কৰিছিল,সেই সময়ত ৰেপো ৰেট আছিল ৪ শতাংশ। প্ৰতিবেদনখনে দৃঢ়তাৰে কোৱা হৈছে যে এপ্ৰিলৰ বৈঠকত ৰেপো ৰেট বৃদ্ধি স্থগিত ৰখাৰ বাবে আৰবিআইৰ ওচৰত পৰ্যাপ্ত যুক্তি আছে। উল্লেখ্য চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশত খুচুৰা বজাৰত মুদ্ৰাস্ফীতি আছিল ৬.৫২ শতাংশ।