--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰেমত পৰিছে পৱনদ্বীপ ৰাজন। চলিত ইণ্ডিয়ান আইড’লৰ ছিজন-১২ত পৱনদ্বীপৰ গীতে মুগ্ধ কৰিছে বিচাৰকক। চুইছে অগণন অনুৰাগীৰো অন্তৰ। চলিত বৰ্ষত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজৰ এক জনিপ্ৰিয় যুটি হৈছে চৰ্চিত অৰুণিতা-পৱনদ্বীপৰ যুটি। দুয়োৰে গীতৰ মূৰ্ছনাই অসংখ্য লোকক আহ্লাদিত কৰাৰ লগে লগে আন এটি বিষয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেয়া হৈছে অৰুণিতা আৰু পৱনদ্বীপ ৰাজনৰ সম্পৰ্ক। সমগ্ৰ ছিজনটোতে দুয়োৰে প্ৰেম কাহিনীয়ে এতিয়া সুতীব্ৰ ৰূপ লৈ লৈছে। অনুষ্ঠানৰ পৰিচালক আদিত্য নাৰায়ণে বিভিন্ন সময়ত দুয়োকে কেন্দ্ৰ কৰি নানা-ধৰণে হাঁহি-ধেমালি কৰি আহিছে। কিন্তু অৰুণিতা আৰু পৱনে তেওঁলোকৰ প্ৰেম কাহিনী আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাছিল। শ্ৰোতাৰ তীব্ৰ কৌতূহলৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই পৱনদ্বীপৰ অকপট স্বীকাৰোক্তি ‘প্ৰেমত পৰিছোঁ।’


উল্লেখ্য যে, চলিত ইণ্ডিয়ান আইড’ল এটাৰ পাছত আন এটা বিতৰ্ক সাঙোৰ খাই পৰিছে। কেতিয়াবা যদি বিচাৰক, কেতিয়াবা আকৌ প্ৰতিযোগী, কোনো হাত-সাৰি যোৱা নাই। এই বিতৰ্কৰ সমান্তৰালকৈ অৰুণিতা আৰু পৱনদ্বীপৰ সম্পৰ্কক কেন্দ্ৰ কৰি চলিছে বু-বু, বা-বা। অৱশ্যে, পূৰ্বৰ প্ৰতিযোগীয়ে এইবোৰ টিআৰপিৰ খেল বুলি অভিহিত কৰিছে। একাংশৰ মতে ৰিয়েলিটী শ্ব’বোৰত ৰিয়েলিটীক বাদ দি সকলো সম্ভৱ। গতিকে এই চৰ্চাও দৰ্শকৰ মনোৰঞ্জনৰ বাবেহে।


চলিত সপ্তাহৰ ইণ্ডিয়ান আইড’লত শ্ৰোতালৈ আগবঢ়োৱা হ’ব বৰ্ষাৰ গীত।পৱনদ্বীপে পৰিৱেশন কৰিব কিশোৰ কুমাৰৰ কালজয়ী গীত ‘ৰিম ঝিম গিৰে ছাৱন…।’ অনুষ্ঠানৰ ৰেকৰ্ডিঙৰ অন্তত পৱনদ্বীপে কয়, তেওঁ প্ৰেমত পৰিছে। স্বাভাৱিকতে এই কথা শুনাৰ পাছত মানুহে তিলটোকে তালটো কৰিছে। পৱনদ্বীপৰ কৈছিল যে, তেওঁ এই পৰিৱেশৰ প্ৰেমত পৰিছে। জানিব পৰা মতে, অতিশীঘ্ৰে হিমেশ ৰেছমিয়াৰ নতুন এলবামত বাণীবদ্ধ কৰা হ’ব অৰুণিতা-পৱনদ্বীপৰ গীত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?