--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ল' ডেলিভাৰীত ছিক্সাৰ কোবাবলৈ জটিলতা পোৱাৰ দৰেই যেন অসন্তুষ্টি! চৰ্চালৈ আহিছে ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য শুভমন গীল। ১৪২ কি:মি: প্ৰতি ঘণ্টা বেগৰ বল বন্দুকৰ গুলীৰ বেগেৰে বাউণ্ডেৰী পাৰ কৰোঁৱা শুভমনে অৰ্ডাৰ কৰা খানা আহি পাওঁতে বেগ কমিছে। তাতেই যেন অসন্তুষ্ট হ'ল ভাৰতৰ অন্যতম তাৰকা বেটাৰগৰাকী। খঙৰ কোবত টুইট কৰিলে অলপতে টুইটাৰ ক্ৰয় কৰা বিশ্বৰ ধনাঢ্য ব্যক্তি ইলন মাস্কলৈ। টুইটটোত ইলন মাস্কক কোম্পানীটোকে কিনি ল'বলৈ অনুৰোধ কৰিলে গীলে।


সম্প্ৰতি আইপিএলত ব্যস্ত থকা ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীল অসন্তুষ্ট হৈছে অনলাইন খাদ্য যোগানকাৰী কোম্পানী ছুইগীৰ ওপৰত। খাদ্যৰ ডেলিভাৰী লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰে ‘গুজৰাট টাইটানছ’ৰ অপেনাৰগৰাকীয়ে। টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কক ছুইগী কোম্পানীটো ক্ৰয় কৰিবলৈ অনুৰোধ জনাই এটা টুইট কৰে গীলে। লগে লগে ভাইৰেল হৈ পৰে গীলৰ টুইট। ছুইগীৰ অফিচিয়েল টুইটাৰ হেণ্ডেল 'ছুইগী কেয়াৰছ'-এ গীলৰ অভিযোগকাৰী টুইটৰ সঁহাৰি জনাই দুটা টুইট কৰে আৰু তেওঁৰ অভিযোগ 'ডাইৰেক্ট মেছেজ'ৰ জৰিয়তে জনাবলৈ কয়। 




উল্লেখ্য যে, শুভমন গীলৰ টুইটটোৱে ইতিমধ্যে তিনি হাজাৰৰো অধিক ৰি-টুইট আৰু ৫০ হাজাৰৰো অধিক লাইক লাভ কৰে। ভিন্ন জনৰ ভিন্ন মতৰ মাজতে এটা বিশেষ টুইটে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। ছুইগীৰ এটা ফেক একাউণ্টৰ পৰা শুভমন গীলক প্ৰত্যুত্তৰ দিয়া হয় এনেদৰে, 'টি-২০ ক্ৰিকেটত আপোনাৰ বেটিঙতকৈ অন্তত আমাৰ গতিবেগ বেছি'। ৰাস্তাত সন্মুখীন হোৱা ট্ৰেফিক জামৰ সমস্যাৰ কথা উনুকিয়ায়ো কোনো কোনোৱে উভতি ধৰিছে গীলক। 

আইপিএলৰ চলিত ছিজনত গুজৰাট টাইটানছৰ হৈ খেলা শুভমনে প্ৰথম তিনিখন খেলত ১৮০ ৰান সংগ্ৰহ কৰিলেও ছন্দ হেৰুৱায় পিছলৈ। শেহতীয়া পাঁচখন খেলত গীলে সংগ্ৰহ কৰিছে মাত্ৰ ৪৯ ৰান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?