--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলন মাস্ক নিজৰ অদ্ভুত সিদ্ধান্তৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। নিজৰ সিদ্ধান্তৰে সমগ্ৰ বিশ্বতে চাঞ্চল্য সৃষ্টি কৰাটো মাস্কৰ অভ্যাস। বিশ্বৰ আটাইতকৈ ধনী মানুহজনে প্ৰথমে টুইটাৰ কিনিলে, তাৰ পিছত নিজৰ নীলা চৰাইজৰ পাখি কাটি টুইটাৰৰ নাম সলনি কৰি এক্স কৰিলে আৰু এতিয়া এক্স বিক্ৰী কৰিলে। 


হয়,মাস্কে নিজৰ মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X নিজৰ কোম্পানী xAIক বিক্ৰী কৰিছে। এই চুক্তি ৩৩ বিলিয়ন ডলাৰ (প্ৰায় ২৮,২৩,৪৩,৭১,০০,০০ টকা)ৰ বাবে কৰা হৈছে । মন কৰিব যে, এইটো এটা ষ্টক চুক্তি।

এই চুক্তিৰ বিষয়ে কি লিখিলে ইলন মাস্কে ?


তেওঁ কয় যে xAI এ ষ্টক লেনদেনত X অধিগ্ৰহণ কৰিছে। দুবছৰ আগতে প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা xAI দ্ৰুতগতিত বিশ্বৰ অন্যতম আগশাৰীৰ AI পৰীক্ষাগাৰত পৰিণত হৈছে। আনহাতে X হৈছে ৬০ কোটিতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰী থকা ডিজিটেল প্লেটফৰ্ম।

xAI আৰু X ৰ ভৱিষ্যত আন্তঃসংলগ্ন। আজি আমি আনুষ্ঠানিকভাৱে তথ্য, মডেল, গণনা, বিতৰণ, আৰু প্ৰতিভাক একত্ৰিত কৰাৰ পদক্ষেপ লৈছো। এই সংমিশ্ৰণে xAI ৰ উন্নত AI ক্ষমতা আৰু বিশেষজ্ঞতাক X ৰ বিশাল প্ৰসাৰতাৰ সৈতে মিহলাই অপৰিসীম সম্ভাৱনা মুকলি কৰিব।

এই সংযুক্ত কোম্পানীটোৱে কোটি কোটি লোকক অধিক স্মাৰ্ট, অধিক অৰ্থপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আমি এনে এখন মঞ্চ সৃষ্টি কৰিব পাৰিম যিয়ে কেৱল বিশ্বক প্ৰতিফলিত কৰাই নহয়, মানৱ প্ৰগতি সক্ৰিয়ভাৱে ত্বৰান্বিত কৰে।

উল্লেখ্য যে টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কে ২০২২ চনত টুইটাৰ ক্ৰয় কৰিছিল।সেই সময়ত এই চুক্তি ৪৪ বিলিয়ন ডলাৰত কৰা হৈছিল। ইয়াৰ পিছত তেওঁ টুইটাৰৰ নাম সলনি কৰি এক্স কৰি ২০২৩ চনত xAI আৰম্ভ কৰে।

এতিয়া তেওঁ Xai ক বিক্ৰী কৰিছে। ইয়াৰ লগতে ইলন মাস্কে এক্সৰ ওপৰত লিখা পোষ্টৰ শেষৰ শাৰীটোত আন এটা অতি গভীৰ কথা কৈছিল ।তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। অৰ্থাৎ ইয়াৰ পিছত মাস্কে কি কৰিবলৈ ওলাইছে? এই কথা হয়তো মাস্কৰ বাহিৰে কোনেও নাজানে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?