--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিবেশনত আদানিৰ উৎকোচৰ গোচৰৰ আৰু উত্তৰ প্ৰদেশৰ সম্ভলৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে আলোচনা তথা তদন্তৰ দাবীত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ধাৰাবাহিক বিক্ষোভে বৃহস্পতিবাৰে নতুন পাক লয়। কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰজেডি, ডিএমকে, উদ্ধৱ সেনাৰ সাংসদসকলক 'মোদী-আদানি এক হয়', আদানি নিৰাপদ হয়! শ্লোগান লিখা ক’লা জেকেট পৰিধান কৰি সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে আদানীৰ গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিৰ বিৰুদ্ধে আমেৰিকাৰ অভিযোগনামা সন্দৰ্ভত আলোচনাৰ দাবীত বিগত দিনকেইটাৰ দৰে স্থগিত ৰখে সংসদ৷

বিৰোধী শিবিৰৰ প্ৰায় সকলো দলে সংসদ ভৱনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত অংশগ্ৰহণ কৰে যদিও তৃণমূলৰ কংগ্ৰেছৰ সাংসদৰ অংশ গ্ৰহণ দেখা পোৱা নগ’ল। তৃণমূলৰ সাংসদ কীৰ্তি আজাদে  কয় যে আৰু বহু গুৰুত্বপূৰ্ণ বিষয় যেনে মুদ্ৰাস্ফীতিৰ দৰে কথাও আছে। বাকী বিৰোধী সকলে তৃণমূলৰ এই স্থিতিক মেৰুকৰণ বুলি অভিহিত কৰিছে। তৃণমূল দলটোৱে শীতকালীন অধিবেশন আৰম্ভণিৰ পৰাই কংগ্ৰেছদলৰ পৰা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছে৷

প্ৰসংগ ক্ৰমে ২০ নৱেম্বৰত আমেৰিকাৰ আদালতত আদানিৰ বিৰুদ্ধে ‘প্ৰমাণসহ অভিযোগনামা’ দাখিল কৰা হৈছিল। এই অভিযোগ নামাত আদানি আৰু তেওঁৰ ভতিজা সাগৰকে ধৰি সাতজন লোকৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰী আৰু আমোলাক সৌৰশক্তি প্ৰকল্পত ৰেহাই দিয়াৰ বিনিময়ত উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। শীতকালীন অধিবেশনৰ আৰম্ভণিৰে পৰাই কংগ্ৰেছকে ধৰি ‘ইণ্ডিয়া’ গোটৰ সদস্যসকলে দুৰ্নীতিৰ গোচৰৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতিগঠনৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু তৃণমূল কংগ্ৰেছ অংশ গ্ৰহণৰ পাৰ বিৰত আছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আহ্বান কৰা বৈঠকতো অনুপস্থিত আছিল তৃণমূলৰ সাংসদসকল। 

এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইনে কয়, ‘সংসদত বিজেপিৰ দুৰ্নীতি উদঙাই দিয়াৰ সামগ্ৰিক কৌশলত সকলো একত্ৰিত হৈ আছো। কিন্তু দলসমূহৰ সেই কৌশল ৰূপায়ণৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে। 

কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, বুধবাৰে সাংসদ গৌৰৱ গগৈয়ে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ নেতা সুদীপ বেনাৰ্জীক ফোন যোগে ধৰ্নাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছিল।যদিও সেই প্ৰস্তাৱ নাকচ কৰি তৃণমূলৰ সাংসদ গৰাকীয়ে কয় যে তৃণমূলৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে তেওঁলোকে বংগৰ প্ৰতি কেন্দ্ৰীয় বঞ্চনাকে ধৰি সাধাৰণ জনতাৰ স্বাৰ্থৰ সৈতে জড়িত মুঠ ছটা বিষয়ৰ সৈতে মোকাবিলা কৰিব। সেই তালিকাত আদানি গোচৰ নাই বুলি উল্লেখ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?