ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ জাভাদ্বীপত আহিল আকস্মিক। পাহাৰীয়া গাঁওসমূহত অহা আকস্মিক বানে কমেও ১৭জন লোকক উটুৱাই নিয়ে আৰু গাঁওসমূহ বোকা আৰু শিলেৰে পুতি পেলায়। ১৭জন লোকৰ বানত মৃত্যু হোৱাৰ লগতে ৯জন লোক সন্ধানহীন হৈ আছে।
সোমবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদীবোৰৰ পাৰ উপচি পৰে আৰু নদীৰ পানীয়ে মধ্য জাভা প্ৰদেশৰ পেকালংগান অঞ্চলৰ নখন গাঁও বুৰাই পেলায়।
স্থানীয় দুর্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী বাৰ্গাছ কাটুৰছাছিয়ে প্রকাশ কৰা অনুসৰি, নদীৰ বাঢ়নী পানীয়ে পাহাৰৰ দাঁতি-কাষৰীয়া ক্ষুদ্ৰ গাঁওবোৰ বোকা, শিল আদিৰে পুতি পেলায়। তেওঁ কয় যে আকস্মিক বানত বেয়াকৈ আক্রান্ত পেটুং ক্ৰিয়ন গাঁৱত মঙলবাৰে কমেও ১৭টা মৃতদেহ উদ্ধাৰ কৰা হয়।
ইফালে, সন্ধানহীন হৈ থকা ৯জন লোকৰ সন্ধানত উদ্ধাৰকাৰীসকলে অভিযান আৰম্ভ কৰিছে।
গুৰুতৰভাৱে আহত ১১জন লোকক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী, সেনা আৰু উদ্ধাৰকাৰী কৰ্মীসকলক উদ্ধাৰকাৰ্যত নিয়োজিত কৰা হৈছে।
আকস্মিক বানৰ বাবে উদ্ভৱ হোৱা ভূমিস্খলনেও বহু গাঁৱত দুৰ্যোগৰ সৃষ্টি কৰিছে।