--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত প্ৰতিষেধকৰ নাটনি, প্ৰতিষেধক প্ৰদানৰ নামত হোৱা কেলেংকাৰি, ভুৱা প্ৰতিষেধক কাণ্ড আদিক লৈ বিতৰ্ক চলিছে যদিও টিকাকৰণ অভিযানক তীব্ৰতা দিয়াৰো চেষ্টা চলিছে। টিকাকৰণ অভিযান সম্পৰ্কত ভাৰতে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মুঠ ভেকচিন প্ৰদানৰ সংখ্যাৰ ফালৰপৰা ভাৰতে ইংলেণ্ডক চেৰ পেলাবলৈ সক্ষম হৈছে। ভাৰতত এতিয়ালৈ মুঠ ৩২.৩৬ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

আৰু পঢ়িব পাৰিব : কূটাঘাতৰ ষড়যন্ত্ৰ! পাকিস্তানৰ গতি-বিধিয়ে উদ্বেগ বঢ়াইছে ভাৰতীয় সেনাৰ

ইয়াৰ বিপৰীতে ইংলেণ্ডে এতিয়ালৈ দিছে ৩২.৩৩কোটি পালি প্ৰতিষেধক। এনে কৃতিত্বৰ মাজতে অহা আন এক সুখবৰ হৈছে যে, দেশত দৈনিক সংক্ৰমণৰ সংখ্যাও হ্ৰাস পাই আহিছে। বিগত ২৪ঘণ্টত দেশত মুঠ সংক্ৰমিতৰ সংখ্যা হৈছে ৪৬,১৪৮। বিগত ২৪ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যাও সহস্ৰৰ তলতে আছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৭৯জন আক্ৰান্তৰ।

আৰু পঢ়িব পাৰিব : অসম আৰক্ষীত নতুন সংযোজন, সাৰি নাযায় অপৰাধী!

ইফালে, আজি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দেশৰ টিকাকৰণ অভিযানে তীব্ৰতা লাভ কৰাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলোকে অভিনন্দনো জ্ঞাপন কৰে। সকলোকে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে কেন্দ্ৰ দায়বদ্ধ বুলিও তেওঁ দোহাৰে। উল্লেখ্য যে, বিগত এসপ্তাহতে দেশত ৩ কোটি, ৯১লাখৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?