--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

লণ্ডন : ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই ইংলেণ্ডতো বিনিয়োগ কৰিবলৈ সাজু হৈছে। বিশ্বৰ ভিতৰতে আগশাৰীৰ এই ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানটোৱে দেশখনত ভৱিষ্যতে প্ৰতিষেধক উৎপাদন কৰাৰো পৰিকল্পনা কৰিছে। সোমবাৰে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এইকথা প্ৰকাশ কৰে। জনছনৰ ডনিং ষ্ট্ৰীট কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি ছিৰাম ইনষ্টিটিউটে দেশখনত ২৪০ নিযুত বৃটিছ পাউণ্ড অৰ্থাৎ ৩৩৪ নিযুত মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব।

আৰু পঢ়িব পাৰিব : পৰ্যটকৰ বাবে পুনৰ বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান !

প্ৰতিষ্ঠানটোৰ ছেলছ কাৰ্যালয়, ক্লিনিকেল ট্ৰায়েল, গৱেষণা আৰু বিকাশসাধন আৰু সম্ভাব্য উৎপাদনৰ বাবেও এই বিনিয়োগ কৰা হ’ব। উল্লেখ্য যে, ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু সম্প্ৰতি কম দামৰ আৰু প্ৰভাৱশালী বুলি বিবেচিত এষ্ট্ৰাজেনেকা ক’ভিড প্ৰতিষেধক নিৰ্মাণেৰে প্ৰতিষ্ঠানটোৱে ক’ভিডবিৰোধী যুঁজত বিশেষ অৰিহনা আগবঢ়াইছে।

আৰু পঢ়িব পাৰিব : পোষ্টাৰ আঁৰি পৰেশ বৰুৱালৈ মুকলি প্ৰশ্ন !

ছিৰাম ইনষ্টিটিউটে ইংলেণ্ডত ক’ভিডৰ আন এবিধ প্ৰতিষেধকৰ প্ৰাথমিক পৰীক্ষা চলাই আছে। নাকত দিয়া এপালি প্ৰতিষেধকৰ এই গৱেষণাও গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আজি অনুষ্ঠিত হ’বলগীয়া ভাৰ্চুৱেল বৈঠকৰ পূৰ্বে বিনিয়োগ সম্পৰ্কীয় এই ঘোষণা কৰা হয় দেশখনৰ ফালৰ পৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?