ডিজিটেল ডেস্ক: এবছৰত ভাৰতীয় ৰে’লৱেই হেৰুৱাইছে ২৬,৩৩৮ কোটি টকা৷ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় ৰে’লৱে৷ ভাৰতীয় ৰে’লৱেই বিগত এবছৰত ২৬,০০০ কোটি টকাতকৈয়ো অধিক হেৰুৱাইছে। এই তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেল, চমুকৈ CAGৰ প্ৰতিবেদনত৷
বিগত এবছৰত ভাৰতীয় ৰে’লৱেৰ এই বৃহৎ লোকচান ভাৰতীয় ৰে’লৱেৰ ইতিহাসত সৰ্বাধিক বুলি কোৱা হৈছে৷ ৰে’ল মন্ত্ৰালয়ৰ মতে, মুঠ ১৫৮৯ কোটি টকাৰ লোকচান দেখুওৱা হৈছিল, কিন্তু কেগৰ প্ৰতিবেদন অনুসৰি সেয়া ভুল প্ৰমাণিত হৈছে। প্ৰতিবেদনৰ তিনিটা অধ্যায়ত ৰে’লৱেৰ ২৬,৩২৬.৩৯ কোটি টকাৰ লোকচান হোৱা বুলি জনা গৈছে। উদাহৰণ স্বৰূপে, এইটো বুজিব পাৰি যে, ৰে’লৱেই ২০১৯-২০ বৰ্ষত ১০০ টকা উপাৰ্জন কৰিবলৈ প্ৰায় ১১৪ টকা ব্যয় কৰিছে।
প্ৰতিবেদনত, ৰে’ল ঋণৰ তথ্য এনেদৰে দেখুওৱা হৈছে- ২০১৯-২০ বৰ্ষত প্ৰথমবাৰৰ বাবে ২৫,৭৩০.৬৫ কোটি টকাৰ ঋণ বাকী আছে। ২০১৯-২০ বিত্তীয় বৰ্ষত ৯৫,২১৭ কোটি টকা।
ৰে’লৱেৰ কয়লা পৰিবহণৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল দেখুওৱা হৈছে, যি ২০১৯-২০ বৰ্ষত মালবাহী উপাৰ্জনৰ প্ৰায় ৪৯ শতাংশ আছিল। বৃহৎ পৰিমাণৰ সামগ্ৰীৰ পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তনে মালবাহী উপাৰ্জনত যথেষ্ট প্ৰভাৱ পেলাইছিল। ২০১৮-১৯ বিত্তীয় বৰ্ষত ৩,৭৭৩.৮৬ কোটি টকাৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ১৫৮৯.৬২ কোটি টকা।