--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভ্ৰান্ত হৈছে দেশৰ জনতা৷ ১ এপ্ৰিলৰ পৰা ইউপিআইৰ জড়িয়তে ধনৰ লেনদেন কৰিলেও এক নিৰ্দিষ্ট সীমাৰ পিছত  মাচুল লাগিব বুলি ওলোৱা খবৰৰ কোনো স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই চৰকাৰে৷ এনে খবৰৰ মাজতে পেটিএমে ইউপিআইৰ জড়িয়তে ধনৰ লেনদেনত কোনো মাচুল আদায় লোৱা নহ’ব বুলি টুইটত কৈছে৷ কিন্তু চৰকাৰৰ পৰা কোনো স্পষ্টীকৰণ নোপোৱাত জনতা দিকভ্ৰান্ত হৈছে৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সমবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি   জিপে, পেটিএম, অন্যান্য লেনদেনত প্ৰযোজ্য হ’ব পাৰে  চাৰ্চাৰ্জ ৷ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (এনপিচিআই) এক বিজ্ঞপ্তিত কৈছে  যে  ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ  (ইউপিআই)ত ব্যৱসায়িক লেনদেনৰ ওপৰত "প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টচ (পিপিআই)" মাচুল আৰোপ কৰাৰ পৰামৰ্শ দিছে৷   ইউ.পি.আই. পৰিশোধ প্ৰণালীৰ পৰিচালনা সমিতিয়ে কৈছে  যে ইউ.পি.আইৰ জড়িয়তে ২০০০ টকাৰ ওপৰত কৰা  লেনদেনৰ ক্ষেত্ৰত পি.পি.আই. মাচুল আৰোপ কৰা হ'ব। ইয়াৰ ফলত লেনদেন মূল্যৰ ১.১% মাচুল লেনদেন কৰা জনে আদায় দিব লাগিব পাৰে৷ 

লেনদেন গ্ৰহণ, প্ৰক্ৰিয়াকৰণ আৰু আন ব্যয়ৰ ক্ষেত্ৰতো বিনিময় মাচুল আৰোপ কৰা হয়। এনে ব্যৱস্থাই ইউপিআই লেনদেনক  ব্যয়বহুল কৰি তোলাৰ সম্ভাৱনা আছে। এই নতুন নিয়মটো হ'ব চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব। ২০০০ টকাৰ ওপৰত কৰা লেনদেনৰ বাবে ৰেমিটাৰ বেঙ্কক মাচুলৰ ১৫  বেছিছ পইণ্ট পৰিশোধ কৰাৰো পৰামৰ্শ  দিয়াৰ কথা  বিজ্ঞপ্তিখনত  কোৱা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি দিছে৷ কিন্তু এই ক্ষেত্ৰত কেৱল পেটিএমৰ পৰাহে প্ৰতিক্ৰিয়া আহিছে৷ চৰকাৰৰ প্ৰতিক্ৰিয়াৰ বাবে জনতাই এতিয়া আগ্ৰহেৰে বাট চাইছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?