--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউব চাই চাই আজিকালি বহু মানুহে বহু কথা শিকে। ৰন্ধা-বঢ়া, চিলাই, হাতৰ যিকোনো কাম, গান, বাদ্য বজোৱাকে ধৰি নানা কাম মানুহে সহজতে ইউটিউবৰ পৰা শিকি বুজি লয়। এক অৰ্থত ইউটিউবে মানুহৰ জীৱনযাত্ৰাত বহুখিনি অৱদান আগবঢ়াই আহিছে। 

কিন্তু ইউটিউবৰ পৰা এক বিশেষ শিক্ষা লৈ এজন যুৱকে এনে এক কাণ্ড কৰিলে যি কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। 
এজন যুৱকে পেটৰ বিষত ভুগি থাকিব নোৱাৰা হল। তেওঁ ইউটিউব চাই নিজেই কৰিলে নিজৰ পেটৰ অপাৰেশ্যন। 

মথুৰাত ঘটিছে এই ঘটনা। যুৱকজনৰ এই কাণ্ডত চিকিৎসকসকলো আচৰিত হৈ পৰিল। অপাৰেচনৰ বাবে যুৱকজনে মেডিকেলৰ পৰা নম্বিং ইনজেকচন, ব্লেড আৰু অন্যান্য সামগ্ৰী লৈ আহিছিল। অপাৰেচনৰ অন্তত পেটটোত ১১টা চিলাই কৰে যুৱকজনে। 

ইয়াৰ পিছত যেতিয়া তেওঁৰ অৱস্থা বেয়া হ’ল, তেতিয়া তেওঁ বিষত চিঞৰিবলৈ ধৰিলে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰে যুৱকজনক।

জানিব পৰা অনুসৰি কানহাইয়া ঠাকুৰৰ পুত্ৰ ৰাজা বাবু (৩২) বহু দিন ধৰি পেটৰ বিষত ভুগি আছিল। কেইবাবাৰো চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হৈছিল যদিও কোনো সকাহ নাপালে ৰাজা বাবুয়ে। ১৮ বছৰ পূৰ্বে তেওঁৰ এপেণ্ডিক্স অপাৰেচন কৰা হৈছিল, তাৰ পিছত তেওঁ সঘনাই পেটৰ বিষত ভুগিছিল। অহৰহ বিষত বিৰক্ত হৈ তেওঁ নিজেই অপাৰেচনটো কৰাৰ সিদ্ধান্ত ল’লে।

এটাত কোঠাত নিজকে আৱদ্ধ কৰি ডাক্তৰৰ দৰে বেজী দি ৰাজা বাবুৱে নিজকে প্ৰথমে অজ্ঞান কৰি পেলালে। ইয়াৰ পিছত তেওঁ অস্ত্ৰোপচাৰৰ ব্লেডেৰে পেটটো ফালি পেলালে। প্ৰথম অৱস্থাত তেওঁ কোনো বিষ অনুভৱ কৰা নাছিল যদিও ঔষধৰ প্ৰভাৱ শেষ হোৱাৰ লগে লগে তেওঁৰ কষ্ট হ’বলৈ ধৰিলে। এই সময়ছোৱাত তেওঁ পেটত ১১টা চিলাইয়ো কৰিছিল। বিষৰ পৰা কোনো সকাহ পোৱা নাছিল ৰাজা বাবুৱে। তেওঁ জোৰেৰে চিঞৰিবলৈ ধৰিলে। যুৱকজনৰ চিঞৰ শুনি পৰিয়ালৰ লোকে দৌৰি গৈ লগে লগে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। সংকটজনক অৱস্থাত চিকিৎসকে যুৱকজনক ভৰ্তি কৰি চিকিৎসা অব্যাহত ৰাখিছে।

চিকিৎসকে কয় যে উপযুক্ত তথ্য অবিহনে এনে পদক্ষেপ লোৱাটো অতি মাৰাত্মক। বৰ্তমান ৰাজা বাবুৰ অৱস্থা সুস্থিৰ। তেওঁৰ চিকিৎসা চলি আছে।

এই ঘটনা চিকিৎসা বিশেষজ্ঞ আৰু সাধাৰণ জনতাৰ বাবে এক সতৰ্কবাণী যে কোনো ধৰণৰ পেছাদাৰী প্ৰশিক্ষণ অবিহনে নিজাববীয়াকৈ অস্ত্ৰোপচাৰ কৰাটো অতি ভয়ংকৰ বুলি প্ৰমাণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?