--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ক্রিকেটৰ জ্বৰত আক্রান্ত অসম তথা উত্তৰ-পূব। বিশেষকৈ এইবাৰ ৰিয়ান পৰাগক লৈ আৱেগত উথলি উঠিছে অঞ্চলটোৰ ক্রিকেটপ্রেমী। দেশীয় ক্রিকেটত অসম-উত্তৰ-পূব এতিয়া এৰাব নোৱৰা এক নাম। ৰিয়ান পৰাগ আই পি এলৰ আৱেগ। 

উমা চেত্রী আৰু জিণ্টিমণি কলিতা মহিলা ক্রিকেটৰ পৰিচয়। দেৱজিৎ শইকীয়া দেশৰ ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব। আই পি এলৰ অন্যতম দল ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) ঘৰুৱা গ্রাউণ্ড গুৱাহাটী। আহি থকা সময়ত গুৱাহাটীত প্রথমখন টেষ্ট মেচ আৰু মহিলা বিশ্ব কাপৰ খেল উপভোগ কৰিব পাৰিব ক্রিকেট প্রেমীয়ে। 

এনে এক আনন্দদায়ক পৰিৱেশৰ মাজতেই বর্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ আই পি এলৰ এখন খেলত মুখামুখি হ'ব। আই পি এলৰ অষ্টাদশ সংস্কৰণৰ ৬ নম্বৰৰ মেচখন আজি ৭-৩০ বজাত আৰম্ভ হ'ব। টিকট বিক্রী হৈছে যদিও আশংকা আছে বৰষুণৰ। এফালে ৰিয়ান পৰাগৰ আৱেগ আৰু আনফালে বৰষুণৰ আশংকা। ইয়াৰ মাজতেই দুলি আছে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ সম্ভাব্য জয়-পৰাজয়। ঘৰুৱা গ্রাউণ্ড আৰু ঘৰুৱা দর্শকৰ অভূতপূর্ব সমর্থন। এই দুটা হ'ব অসম সন্তান ৰিয়ান পৰাগৰ বাবে কাইলৈ তেওঁৰ আই পি এলৰ ইতিহাসত অধিনায়কত্বৰ দ্বিতীয়খন খেলৰ পৰিপক্বতাৰ দিশ। ইফালে, আজিংক্য ৰাহানে নেতৃত্বাধীন শক্তিৰে ভৰপূৰ কে কে আৰৰ পক্ষত ঘৰুৱা সমর্থক নাথাকিলেও কে কে আৰৰ লিগেছি তেওঁলোকৰ অন্যতম শক্তি। দুয়োটা দলে আৰম্ভণিৰ বিপৰ্যয়ৰ পৰা উভতি আহিবলৈ বিচাৰিছে। 

উল্লেখযোগ্য যে ২৩ মার্চত হায়দৰাবাদত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অধিনায়কত্বৰ অভিষেক ঘটোৱা ৰিয়ান পৰাগে নিজৰ গৃহ ৰাজ্যত ২খন বেক টু বেক মেচত আৰ আৰক নেতৃত্ব দিব। ইফালে, অজিংক্য বাহানেৰ নেতৃত্বত কে কে আৰে নিজৰ বিস্ফোৰক লাইনআপেৰে আৰ আৰক লক্ষ্যভ্রষ্ট কৰাৰ চেষ্টা কৰিব। ৰয়েলছৰ ৰাজত্ব, নে নাইটছৰ উত্থান হ'ব গুৱাহাটীত? এই উত্তৰ পাবলৈ আমি অপেক্ষা কৰিব লাগিব আৰু কেইটামান মুহূর্ত।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?