--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলাত ভাল প্ৰদৰ্শন কৰা ৰবিচন্দ্ৰন অশ্বিনে অতি সোনকালে আই পি এল ২০২৪তো নিজৰ যাদু প্ৰদৰ্শন কৰা দেখা যাব। ৰাজস্থান ৰয়েলছৰ এইগৰাকী স্পিনাৰ ধৰ্মশালাত ইংলেণ্ডৰ বিৰুদ্ধে শেষ টেষ্টৰ সময়ত ১০০ সংখ্যক টেষ্ট খেলি ৰাজকোটত ৫০০ টেষ্ট উইকেট দখল কৰাত সফল হয়। ইয়াৰ পিছত তামিলনাডু ক্ৰিকেট সন্থাই তেওঁক সম্বৰ্ধনা জনায়। একেটা বিষয়ৰ সৈতে জড়িত পোষ্টটোত অশ্বিনে নিজৰ অনুৰাগীসকলক উত্তৰ দিছিল।

এই সময়ছোৱাত দেখা গ’ল যে তেওঁ বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰকো উত্তৰ দিছিল যদিও পিছত যেতিয়া তেওঁ এই একাউণ্টটো ভুৱা বুলি গম পাইছিল৷

আচলতে আৰ অশ্বিনে চেন্নাইত তামিলনাডু ক্ৰিকেট সন্থাই আয়োজন কৰা তেওঁৰ সম্বৰ্ধনা অনুষ্ঠানৰ কিছু ছবি শ্বেয়াৰ কৰিছিল। এই সন্দৰ্ভত ৰবীন্দ্ৰ জাদেজাই মন্তব্য কৰি সুধিলে- ‘‘মোৰ তামিল কেনেকুৱা।’’ লগতে জাদেজাই তেওঁক ১০০খন টেষ্ট আৰু ৫০০ উইকেট সম্পূৰ্ণ কৰাৰ বাবে তামিল ভাষাত অভিনন্দন জনায়। 

এই সন্দৰ্ভত ঝনৱী কাপুৰৰ পেৰ’ডি একাউণ্টৰ পৰা উত্তৰ আহিল যে-‘‘বৰ ভাল লাগিল অশ্বিন’’। অশ্বিনেও  লিখিছে – ‘‘হাই জাহ্নৱী!’’

ইয়াৰ পিছত আন এজন অনুৰাগীয়ে লিখিলে যে ছাৰ এইটো পেৰ’ডি অৰ্থাৎ ভুৱা একাউণ্ট। আনকি একেটা একাউণ্টৰ প্ৰশাসকেও ক’লে যে এইটো এটা ভুৱা একাউণ্ট। এই বিষয়ে অশ্বিনে লিখিছে- ‘‘অ’ মাই গড, এইটো এনেকুৱাহে নেকি? মোৰ হৃদয় ভাঙি গ’ল। ’’ 
ঝনৱী কাপুৰৰ পেৰ’ডি একাউণ্টৰ উত্তৰত অশ্বিনে লিখিছে, "আপুনি ক'ব নালাগে যে এইটো এটা পেৰ'ডি একাউণ্ট। আপোনাৰ সৈতে এনেকুৱা মত বিনিময় কৰাটো মজা লাগিছিল যেন আপুনি বাস্তৱিক।" অশ্বিনে এটা হাঁহিৰ ইমোজিও যোগ কৰিছে।

অশ্বিনে শীঘ্ৰে ৰাজস্থান ৰয়েলছত যোগদান কৰিবলৈ ওলাইছে। তেওঁ পাঁচখন খেলৰ টেষ্ট শৃংখলাত খেলিছিল। লগৰ বাকী সকলো খেলুৱৈয়ে জয়পুৰত প্ৰস্তুতি চলাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?