--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে জাপানৰ সহযোগত চন্দ্ৰত পুনৰ অভিযান চলাবলৈ সাজু হৈছে। এই কথা প্রকাশ কৰে ভাৰতীয় মহাকাশ গবেষণা কেন্দ্ৰৰ (ইছৰ') অধ্যক্ষ ভি নাৰায়ণনে। বেংগালুৰুত ইছৰ'ৰ মুৰব্বীৰ পদ গ্ৰহণ কৰাৰ পাছত এটা অনুষ্ঠানত তেওঁ কয় যে তিনি দিনৰ আগতে চৰকাৰে চন্দ্রযান-৫ অভিযানত অনুমোদন জনাইছে। 

এই অভিযানত জাপান ছিৰ'ৰ সহযোগী হিচাপে থাকিব বুলি তেওঁ প্রকাশ কৰে। চন্দ্ৰযান-৩য়ে ২৫ কিল'গ্ৰামৰ ৰ'ভাৰ প্ৰজ্ঞানক লৈ গৈছিল। চন্দ্রযান-৫য়ে চন্দ্ৰৰ পৃষ্ঠ ভাগৰ অধ্যয়নৰ বাবে ২৫০ কিল'গ্ৰামৰ ৰ'ভাৰ লগত লৈ যাব। নাৰায়ণনে কয় যে ২০২৭ চনত উৎক্ষেপণ কৰিবলগীয়া চন্দ্ৰযান-৪য়ে চন্দ্ৰৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ আনিব। 

তেওঁ লগতে প্রকাশ কৰে যে ভাৰতে ২০৪০ চনত মহাকাশচাৰীক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱাৰ লক্ষ্য লৈছে। এই দিশত ভাৰতৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে চন্দ্ৰযান-৫ প্ৰেৰণ কৰা হ'ব। 

চন্দ্ৰযানৰ উপৰি ভাৰতে গগনযান অভিযানৰো কাম কৰি আছে। ইয়াৰ লক্ষ্য হ'ল ২০৩৫ চনত ভাৰতে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণ কৰিব। উল্লেখযোগ্য যে চন্দ্রযান-৪ অভিযানক যোৱা বছৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?