--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰম মানে ফলৰ বতৰ, বজাৰলৈ গলেই বহু ধৰণৰ ফল আমি দেখিবলৈ পাওঁ। জেঠ মাহৰ আৰম্ভণিতে পকা আম, লিচি, কঁঠাল, তৰমুজ আদি বহুতো ফল পোৱা যায়। অৱশ্যে এই সময়ত বজাৰত জাভা আপেলো দেখা যায়। জাভা আপেল বগা আৰু ৰঙা উভয় ধৰণৰ পোৱা যায়। অৱশ্যে বহুতে এই ফল খাবলৈ অনিহা প্ৰকাশ কৰে। অৱশ্যে ইয়াৰ কেইবাটাও স্বাস্থ্যসন্মত উপকাৰিতা আছে। যিটো আমি বহুতেই নাজানো।

 বিশেষজ্ঞসকলৰ মতে, জাভা আপেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি ইয়াত ভিটামিন-‘চি’ থাকে। প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ২২ মাইক্ৰগ্ৰাম ভিটামিন-‘চি’ পোৱা যায়। যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ২৯ মিলিগ্ৰাম কেলছিয়াম থাকে। যিটো হাড় বা দাঁতৰ বাবে অতি প্ৰয়োজনীয়। শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ জাভা আপেল অতি উপকাৰী।

 ১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে-

বিশেষজ্ঞৰ মতে, জাভা আপেলত আছে জাম্বোচিন। যিয়ে আমাৰ তেজত থকা ষ্টাৰচৰ পৰা চেনি তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই কাৰণে ডায়েবেটিছ ৰোগীয়েও জাভা আপেল খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। জাভা আপেলত অধিক পৰিমাণে আঁহ থাকে যিয়ে খাদ্য হজম কৰাত সহায় কৰে। লগতে কোষ্ঠকাঠিন্যৰ সমস্যাও হ্ৰাস কৰে।

 ২. কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে-

ৰোগ নিৰাময়ত জাভা আপেলৰ বহুতো ঔষধি গুণ আছে। ইয়াত ভিটামিন-‘এ’ আৰু ‘চি’ থাকে। তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে সক্ৰিয় যৌগ থাকে। যিয়ে প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। জাভা আপেল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। পেটৰ সমস্যাৰ বাবেও জাভা আপেল অতি উত্তম।

 ৩. হাড় মজবুত কৰাত সহায় কৰে-

শৰীৰত কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ জাভা আপেল খাব পাৰে। প্ৰতি ১০০ গ্ৰাম আপেলত প্ৰায় ২৯ মিলিগ্ৰাম কেলছিয়াম থাকে। হাড়ৰ স্বাস্থ্যৰ বাবে এই কেলছিয়াম অতি প্ৰয়োজনীয়। কিন্তু কিছুমান ফলমূলে বহু ৰোগ প্ৰতিৰোধৰ কাম কৰে। বিশেষজ্ঞসকলৰ মতে বতৰৰ ফলবোৰে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে।

 ৪. হাইড্ৰেটেড কৰি ৰাখে আৰু পেটফুলা ৰোধ কৰে-

বিশেষজ্ঞসকলৰ মতে প্ৰতি ১০০ গ্ৰাম জাভা আপেলত ৯৩ গ্ৰাম পানী থাকে। যিয়ে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ইয়াত পৰ্যাপ্ত পৰিমাণৰ ডায়েটেৰী ফাইবাৰ থাকে, যিটো পেটফুলা আৰু ডায়েৰিয়া প্ৰতিৰোধ কৰাত বিশেষভাৱে ফলপ্ৰসূ। তদুপৰি আমাৰ বহুতৰে চকুৰ সমস্যা আছে। এই ফল চকুৰ বাবেও উপকাৰী কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?