--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এই বিশ্বব্রহ্মাণ্ডত পৃথিবীৰ বাদে আন কোনো গ্রহ বা স্থানত প্রাণী আছেনে-এই প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে কোনেও সঠিককৈ দিব পৰা নাই। কিন্তু পৃথিৱীৰ পৰা প্ৰায় সাতশ লাখ কোটি আলোকবর্ষ দূৰৈত থকা কে ২-১৮ বি নামৰ এটা গ্রহই এই দিশত আশাৰ ৰেঙনি দিছে। 

এই গ্ৰহটো পৃথিৱীতকৈ প্ৰায় আঢ়ৈ গুণ ডাঙৰ আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই এই গ্রহটোক লৈ অধ্যয়ন কৰি আছে। এই দলটোক নেতৃত্ব দিছে ভাৰতীয় মূলৰ বিজ্ঞানী নিন্ধু মধুসূদনে। অধ্যাপক মধুসূদনৰ মতে, অহা এবছৰৰ ভিতৰত গ্ৰহটোত 'জীৱ থকাটো সম্ভৱ বুলি প্ৰমাণ কৰিব পৰা যাব। 

গৱেষকৰ দলটোৱে গ্ৰহটোৰ বায়ুমণ্ডলত ডাইমিথাইল ছালফাইড, আৰু ডাইমিথাইল ডাইছালফাইডৰ দৰে ৰাসায়নিক পদার্থ আছে বুলি তথ্য লাভ কৰিছে। এনে ৰাসায়নিক পৃথিৱীত ফাইটোপ্লাংকটন আৰু বেক্টেৰিয়াই উৎপন্ন কৰে। অৱশ্যে এনে ধৰণৰ ৰাসায়নিক থাকিলেই জীৱ থকাটো নুবুজায়, কিন্তু অধ্যাপক মধুসূদনে প্রকাশ কৰিছে যে গ্ৰহটোত জীৱ থকা বুলি অচিৰেই প্ৰমাণ কৰিব পৰা যাব। গ্ৰহটোৰ বায়ুমণ্ডলত এনে ৰাসায়নিক থকাৰ সম্ভেদ দিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেমছ ৱেব দূৰবীণে। গ্ৰহটোৰ বায়ুমণ্ডলত এমনিয়া নথকা বিষয়টোৰ প্ৰতি বিজ্ঞানীসকলৰ মনোযোগ আকৰ্ষিত কৰে। বিজ্ঞানীসকলৰ মতে, কে ২-১৮ বি গ্রহটোত এখন বিশাল মহাসাগৰ থাকিব পাৰে। এই মহাসাগৰে বায়ুমণ্ডলত থকা এমনিয়া শুহি লয়। সেয়েহে গ্ৰহটোৰ বায়ুমণ্ডলত এমনিয়া নথকাটোরে ইয়াত সাগৰৰ দৰে জীৱনদায়িনী ভেটি থকাৰ ইংগিত বহন কৰিছে। 

মন কৰিবলগীয়া যে এমনিয়াৰ উপস্থিতিয়ে সাধাৰণতে গ্রহ এটাত জীৱ থকাৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ ইংগিত বুলি বিজ্ঞানীসকলে কয়। কিন্তু এই গ্ৰহটোৰ বায়ুমণ্ডলত এমনিয়া নথকাটোৱে ইয়াত বিশাল জলাশয়ৰ উপস্থিতিক ইংগিত কৰিছে। অৱশ্যে এই মহাসাগৰ ভূপৃষ্ঠৰ তলতো থাকিব পাৰে বুলি কোৱা হৈছে। বিজ্ঞানীসকলে এতিয়ালৈকে গ্ৰহটোৰ বায়ুমণ্ডলৰ তিনিটা ছিগমা স্তৰ নিশ্চিত কৰিছে। সাধাৰণতে ছিগমা বিজ্ঞানীসকলৰ সঠিকতা জোখাৰ এক মাপ। কোনো এটা আৱিষ্কাৰক নিশ্চিত কৰাৰ কাৰণে পাঁচ ছিগমাৰ প্ৰয়োজন হয়। মধুসূদনে কয় যে যদিহে কে ২-১৮ বিত জীৱ থকা বুলি প্ৰমাণ কৰিব পাৰি, তেতিয়া ই কেৱল এটা গ্ৰহৰ কাহিনী হৈ নাথাকে, বৰং সমগ্র বিশ্বব্রহ্মাণ্ডত জীৱৰ সন্ধানত চলাই থকা অভিযানে এক নতুন মাত্রা লাভ কৰিব।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?