--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনস্বাস্থ্যক সুৰক্ষা দিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰি কেন্দ্রীয় ঔষধ মান নিয়ন্ত্রণ সংগঠনে (চিডিএছচিঅ') নিৰাপদ অৱস্থা তথা ফলপ্রসূতাত উদ্বেগ প্রকাশ কৰি ৩৫ বিধ ফিল্ড ড'জ কম্বিনেশ্যন (এফডিচি) দৰবৰ বিক্ৰী আৰু উৎপাদন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এই দৰববোৰৰ ভিতৰত পেইনকিলাৰ, পৰিপুষ্টি পৰিপূৰক (নিউট্ৰেশ্যনেল ছাপ্লিমেন্ট), জনন ক্ষমতাৰ দৰব আৰু ডায়েবেটিছ প্ৰতিৰোধী ঔষধো আছে। 

'ককটেইল দৰব' নামে জনাজাত এফ ডি চি দৰববোৰত পূৰ্বনিৰ্ধাৰিত অনুপাতত দুটা বা অধিক সক্রিয় ঔষধীয় উপাদান (এক্টিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্টছ- এ পি আই) থাকে। জনস্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰি কিছু এফ ডি চি দৰব কিমান নিৰাপদ সেয়া আগতে পৰীক্ষা নকৰাকৈ উৎপাদন, বিক্ৰী আৰু বিতৰণৰ বাবে লাইচেন্স দিয়া বাবেই চি ডি এছ চি অ'ই এই নিষেধাজ্ঞা জাৰি কৰে। 

কেন্দ্ৰীয় নিয়ন্ত্রণ সংগঠনটোৱে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দৰব নিয়ন্ত্ৰকলৈ এই সন্দৰ্ভত যোৱা ১১ এপ্রিলত নিৰ্দেশ জাৰি কৰে। নিষিদ্ধ কৰা দৰৱবোৰৰ ভিতৰত আছে নেফ'পাম হাইড্ৰ'ক্লৰাইড ৩০ মিঃ গ্রাঃ+ পেৰাচিটামল ৩২৫ মিঃ গ্রাঃ, চেফিকজাইম আই পি ২০০ মিঃ গ্রাঃ) + অফ্লক্সেচিন আই পি ২০০ মিঃ গ্রাঃ+ লেকটিক এচিড বেচিলাছ ৬০। তদুপৰি নিৰীক্ষণত আছে ডায়েবেটিছৰ ৰোগীয়ে ব্যৱহাৰ কৰা গ্লিমেপিৰাইড ১ মিঃ গ্রাঃ + মেটফৰমিন ৫০০ মিঃ গ্রাঃ।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?