--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰদূষিত পৰিৱেশে মানৱ জীৱনলৈ কিমান ভংয়কৰ বিপদ মাতি আনিছে তাৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি। নানা জটিল আৰু প্ৰাণঘাতী ৰোগৰ কাৰণ হৈ পৰিছে পৰিৱেশত মিহলি হৈ পৰা মানৱসৃষ্টি বহু প্ৰদূষক উপাদান। মানৱ সমাজৰ বাবে অভিশাপস্বৰূপ হৈ পৰা প্লাষ্টিকে কিদৰে মানুহৰ জীৱন বিপন্ন কৰি তুলিছে তাৰ নানা উদাহৰণ দেখিবলৈ পোৱা গৈছে। কেৱল মানুহেই নহয়, অন্য জীৱ আৰু প্ৰাকৃতিক উপাদানৰ বাবেও প্লাষ্টিক হৈ পৰিছে এক অভিশাপস্বৰূপ। কিন্তু এতিয়া বিজ্ঞানীসকলে প্ৰকাশ কৰিছে তাতোকৈ ভয়ংকৰ তথ্য।

চিকিৎসা বিজ্ঞানীসকলে চলোৱা এটা অধ্যয়নত পোহৰলৈ আহিছে যে, জীৱিত মানুহৰ হাঁওফাঁওৰ ভিতৰত এতিয়া ধৰা পৰিছে প্লাষ্টিকৰ মাইক্ৰ’ কণিকা। শ্বাসনলীৰে এই প্লাষ্টিকৰ কণিকা মানুহৰ শৰীৰত সোমাই হাঁওফাঁওৰ ভিতৰত আবদ্ধ হৈ পৰাৰ তথ্য প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। আমি নজনাকৈয়ে স্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি আনিব পৰা এনে ভয়ংকৰ উপাদান আমি নজনাকৈয়ে মানৱ শৰীৰত প্ৰৱেশ কৰিছে। যাৰ ফলত বহু জটিল ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।  

মাইক্ৰ’প্লাষ্টিক হৈছে পাঁচ মিলমিটাৰতকৈ আকাৰত সৰু কিছুমান প্লাষ্টিকৰ কণিকা যিবোৰৰ উপস্থিতি এতিয়া সমুদ্ৰ, পাহাৰ আৰু আনকি বতাহতো বিয়পি পৰিছে। প্লাষ্টিকৰ ডাঙৰ কোনো সামগ্ৰীৰ পৰাই এইবোৰৰ উৎপত্তি হয় আৰু সেইবোৰ সহজে জল, স্থল আৰু বায়ুমণ্ডলতো মিহলি হৈ পৰে। এই ক্ষুদ্ৰ কণিকাবোৰ পানীত মিহলৈ হৈ শেষত সাগৰত গৈ পৰাৰ ফলত সামুদ্ৰিক জীৱনকূললৈ ই ভাবুকি কঢ়িয়াই আনিছে।

‘হাল বিশ্ববিদ্যালয়’ৰ ‘হাল য়ৰ্ক মেডিকেল স্কুল’ৰ বিজ্ঞানীৰ দল এটাই ১৩টা হাঁওফাঁওৰ টিছুৰ নমুনা পৰীক্ষা কৰাৰ পাছত তাৰ ১১টাতে মাইক্ৰ’প্লাষ্টিকৰ কণিকা বিচাৰি পাইছে। এই পৰিমাণ পূ্ৰ্বে কৰা আন যিকোনো পৰীক্ষাৰ সময়ত লাভ কৰা ফলাফলতকৈ অধিক চিন্তনীয়। এই অধ্যয়নৰ ফলাফস দ্য জাৰ্নেল ছায়েন্স অব্ দ্য ট’টেল এনভাৰমেণ্টত প্ৰকাশৰ বাবে নিৰ্বাচিত হৈছে।

বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি মানুহৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত এনে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছিল যদিও এইবাৰেই প্ৰথমবাৰৰ বাবে জীৱিত লোকৰ দেহত এনে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছে। মানুহৰ শ্বাস প্ৰণালীৰ মাজেৰে সৰকি গৈ হাঁওফাঁও পোৱা এনে মাইক্ৰ’প্লাষ্টিকৰ কণিকাই মানৱ স্বাস্থ্যলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই অনাৰ আশংকা আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?