--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
এটা মৃত্যু৷ যি মৃত্যুৱে জোকাৰি দিছে আধুনিক সমাজ, নিসংগতাক৷ দৈনিক চিকিৎসালয়তে হওক বা অন্য স্থানতে হওক মৃত্যু হোৱা লোকৰ সীমা-সংখ্যা নাই৷ মৃত্যুৰ বিপৰীতে দৈনিক জন্মৰ হাৰো কম নহয়৷ আপুনি বাৰু কেতিয়াবা শ্মশানলৈ গৈছেনে? মই কিন্তু গুৱাহাটীৰ নৱগ্ৰহ শ্মশানলৈ প্ৰায়ে যাওঁ৷ জীৱনে ভৰপক দিয়াৰ সময়ত জীৱনক বুজিবৰ বাবেই শ্মশানলৈ যোৱাৰ গুৰুত্ব আছে বুলি ভাবো৷ শ্মশানলৈ যোৱাৰ অৰ্থ মৃত্যু অথবা ঋণাত্মক চিন্তাৰ প্ৰতিফলন নহয়৷মৃত্যু ভয় জিনিবলৈকো কেতিয়াবা ই সহায়ক হ’ব পাৰে৷ জীৱনৰ গুৰুত্ব আচলতে ক’ত আৰু কোনখিনিত, সেয়া বুজিবলৈ শ্মশানলৈ যোৱাৰ আৱশ্যকতা আছে৷

যেতিয়াই শ্মশানলৈ যাওঁ, তেতিয়াই কেইগৰাকীমান তৰুণ প্ৰজন্মৰ যুৱক-যুৱতীকো দেখা পাওঁ৷ তেওঁলোকেও মোক দেখে৷ এনেদৰে তেওঁলোকৰ সৈতে চিনাকি হৈ পৰিলোঁ৷ তেওঁলোক নিয়মীয়াকৈ কিয় শ্মশানলৈ আহে, সোধাত কৈছিল– জীৱনক আৰু অধিক বুজিবৰ বাবেই তেওঁলোক শ্মশানলৈ আহে৷ জীৱনৰ পৰিসমাপ্তি কেনেকৈ ঘটে, জীৱিত অৱস্থাত যিটো পৰিয়ালক লৈ জীৱন মধুৰ বুলি মানুহে গৌৰৱ কৰে, সেই মানুহৰ মৃত্যুৰ পাছত আচলতে কি অৱস্থা হয়, পৰিয়ালৰ সদস্যসকলে কেনে আচৰণ কৰে, সেয়া জানিবলৈকে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকেইগৰাকী নৱগ্ৰহলৈ আহে৷

তেওঁলোকে শ্মশান আৰু জীৱনক লৈ আক্ষৰিক অৰ্থত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা কৰা নাই, তেওঁলোকে বাস্তৱত মানুহৰ জীৱনৰ সমাপ্তিৰ পাছৰ সময়খিনি জানিব বিচাৰিছে৷ ভিন্ন অভিজ্ঞতা তেওঁলোকৰো হৈছে, মোৰো হৈছে৷ প্ৰবল প্ৰতাপী ব্যৱসায়ী, ৰাজনৈতিক নেতা, যশস্বী শিল্পী-সাহিত্যিক আদিৰ পাৰ্থিৱ শৰীৰ চিতাত তোলাৰ পাছ মুহূৰ্ততে কাৰোবাৰ পুত্ৰ আৰু কাৰোবাৰ নাতিনীয়েকে কিছু আঁতৰলৈ গৈ এটা গ’ল্ড ফ্লেক জ্বলাই লোৱা দেখিছোঁ৷ কেতিয়াবা চণ্ডালৰ হাতত কেইটামান টকা গুজি দি বাকী কামখিনি কৰাৰ দায়িত্ব চণ্ডালৰ হাততে অৰ্পণ কৰি মৃতদেহ আধাপোৰা অৱস্থাত এৰি ঘৰমুৱা হয় পৰিয়ালৰ লোক৷ অথচ এই পৰিয়ালৰ বাবেই গোটেই জীৱন সা-সম্পত্তি, ধন-বিত গোটাবলৈ গৈ বদনামী হোৱা কোনোবা অভিযন্তা, ঠিকাদাৰ, ব্যৱসায়ী, ৰাজনীতিকৰ মৃত্যুৰ পাছৰ অৱস্থাটো শ্মশানলৈ গ’লেহে বুজিব পাৰি৷ 

এখন চলচ্ছিত্ৰৰ বাবে এটা কাহিনীৰ আঁত বিচাৰি বহুবাৰ নৱগ্ৰহ শ্মশানলৈ যোৱাৰ অভ্যাস ক’ভিড কালতে গঢ় লৈছিল৷ সেই অভ্যাস এতিয়াও থাকি গ’ল৷ সপ্তাহত কেতিয়াবা এবাৰ পাৰিলে দুবাৰেই শ্মশানলৈ গৈ জীৱন সম্পৰ্কত বোটলা অভিজ্ঞতাই সন্মুখত দেখি থকা ৰঙীন পৃথিৱীখন আৰু প্ৰতিযোগিতাৰ দৌৰত নমা মানুহবোৰলৈ চাই লাহে লাহে পুতৌ ওপজা হৈছে৷
পৰম সত্য এয়ে যে জীৱন কেৱল আপোনাৰ৷ কান্দি কান্দি জন্ম হোৱা এটি শিশুৱে পৈনত বয়সত আনক কন্দুৱাই পৰলোকলৈ গুচি যোৱা– গীতাৰ সেই বাণী লাহে লাহে আধুনিক জীৱনত অসাৰ হৈ পৰিছে নেকি? এই অনুভৱ শ্মশানৰ এজন চণ্ডালতকৈ আন কোনোৱে ইমান ভালকৈ কৰিব নোৱাৰিব৷ শিশুটিয়ে কান্দি কান্দি পৃথিৱীলৈ আহে যদিও যাবৰ সময়ত তেওঁৰ মৃত্যুত কন্দা মানুহৰ সংখ্যা লাহে লাহে কমি আহিছে৷ 

‘মহাৰথী’ৰ স্ৰষ্টা প্ৰখ্যাত কথাশিল্পী চন্দ্ৰপ্ৰসাদ শইকীয়াই বাৰে বাৰে কৈছিল– মোৰ মৃত্যু ভয় নাই৷ মই মৃত্যুক জয় কৰিব পাৰিছোঁ৷ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত যেতিয়া প্ৰথিতযশা কথাশিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল, তেতিয়া খবৰ ল’বলৈ যোৱা ঘনিষ্ঠসকলক কৈছিল যে চিকিৎসালয়খনেই এতিয়া তেওঁৰ বাবে সৰগসদৃশ৷ জীৱনৰ ইতি পেলাবলৈ এনেকুৱা এখন চিকিৎসালয়ে তেওঁৰ বাবে যথেষ্ট৷ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ এই কথাখিনিৰ অৰ্থ আছিল যে জীৱনৰ ইতি কাৰ, ক’ত, কেতিয়া পৰে তাৰ কোনো নিশ্চয়তা নাই৷ তেওঁ নিজকে সৌভাগ্যৱান বুলি কোৱাৰ কাৰণ আছিল– বুজি পাইছিল যে জীৱনৰ গতি লাহে লাহে স্থৱিৰ হৈ আহিছে৷ যিদৰে তেওঁৰে সৃষ্টি ‘মহাৰথী’ত কৰ্ণই অৰ্জুনৰ ধনুৰ সন্মুখত দেখা পাইছিল মৃত্যুৰ আহ্বান৷ মৃত্যুৰ পাছত কি, সেয়া চন্দ্ৰপ্ৰসাদ শইকীয়ায়ো জনা নাছিল৷ জনা নাছিল কৰ্ণয়ো৷ সেয়ে মৃত্যুৰ আগমুহূৰ্তত শুই থকা হাস্পতালৰ বিছনাখনতেই সৰগ বিচাৰি লৈছিল কথাশিল্পীগৰাকীয়ে৷
আধুনিক পৃথিৱীত মানুহ লাহে লাহে নিসংগ হৈ পৰিছে৷ 

চন্দ্ৰপ্ৰসাদ শইকীয়াই এই নিসংগতাৰ পৰা মুক্ত হোৱাৰ সাধনা কৰিছিল৷ পৰিয়াল, শুভাকাংক্ষীৰ আদৰৰ আঁচলত মূৰ থৈ ‘মহাৰথী’ৰ স্ৰষ্টাগৰাকীয়ে চিৰনিদ্ৰাত যাবলৈ সুযোগ পাইছিল৷ নিসংগতা কাৰোবাৰ বাবে অভিশাপ হ’লেও ই কাৰোবাৰ বাবে জীৱনৰ সঞ্জীৱনী৷ আপুনি জীৱনটোক ভাল পাবলৈ শিকিব লাগিব৷ কাৰণ এই জীৱন আপোনাৰ৷ অকলশৰে থাকি ভালপোৱা মানুহৰ বাবে নিসংগতা অভিশাপ হ’ব নোৱাৰে৷ ড॰ ভূপেন হাজৰিকাৰ দৰে পুৰুষৰ বাবে কিন্তু নিসংগতা অভিশাপ আছিল৷ যি মানুহে গোটেই জীৱন হেজাৰ বিজাৰ মানুহৰ মাজত পাৰ কৰি দিলে, সেই মানুহক কোনোৱে মুম্বাইৰ দুটা বা তিনিটা কোঠালিৰ এটা ফ্লেটৰ ভিতৰত আবদ্ধ কৰি থোৱাৰ অন্যতম পৰিণাম এলজাইমাৰো হ’ব পাৰে! ইয়াৰ বিপৰীতে আজি সেই পুৰুষৰ কথা ক’ব খুজিছোঁ, যি জীৱনৰ আধাতকৈ অধিক সময় অকলশৰে পাৰ কৰি দিলে৷ আৰু তেওঁ বাৰে বাৰে কৈছে যে নিসংগতা তেওঁৰ বাবে জীৱনৰ কাঁচিয়লি ৰ’দ৷ হোমেন বৰগোহাঞিৰ জীৱন ভৱিষ্যৎ প্ৰজন্মৰ বাবে গৱেষণাৰ বিষয় হোৱাটো নিশ্চিত৷ 

বহু বিতৰ্কৰ আৱৰ্তত থাকিও বৰগোহাঞি ভৱিষ্যৎ প্ৰজন্মৰ মাজত জীয়াই থাকিব কেৱল আৰু কেৱল এগৰাকী শক্তিশালী গদ্যশিল্পী হিচাপে৷ ব্যক্তিগত জীৱনত কোনে কাৰ সৈতে প্ৰেম কৰিছে, কোন পুৰুষৰ সৈতে কোন মহিলা ঘনিষ্ঠ, সেইবোৰ এটা সময়ত তেনেই গৌণ হৈ পৰে৷ কাৰণ পৰৱৰ্তী প্ৰজন্মৰ বাবে সেই মানুহ অন্য গুণেৰেহে উদ্ভাসিত হৈ উঠে৷ ড॰ ভূপেন হাজৰিকা, হোমেন বৰগোহাঞিৰ ব্যক্তিগত জীৱনৰ ঘটনাতকৈ ৰটনা অধিক৷ সমাজত এনেকুৱা মানুহৰ সংখ্যাই আটাইতকৈ বেছি, যি কেৱল আনৰ চৰ্চা কৰি নিজৰ জীৱনৰ আনন্দ বোটলে৷ কিন্তু আজি সমাজত সেই সকলোবোৰ তল পৰি ভূপেন হাজৰিকা, হোমেন বৰগোহাঞি আদি তেওঁলোকৰ সৃষ্টিৰ বাবেহে নতুন প্ৰজন্মৰ মাজত চৰ্চিত৷ যিয়েই নহওক এওঁলোকে জীৱনৰ চৰম যন্ত্ৰণা জয় কৰি নিজক এজোপা ফলে-ফুলে জাতিষ্কাৰ বৃক্ষ হিচাপে প্ৰতিপন্ন কৰি থৈ গ’ল৷

এই কথাখিনি আলোচনা কৰিবলৈ অৱকাশ দিলে গুৱাহাটীৰ এটা মৃত্যুৱে৷ সেই মৃত্যু বহুতৰ বাবে সাধাৰণ হ’লেও অনুভূতিপ্ৰৱণ প্ৰতিগৰাকী লোকক জোকাৰি গৈছে ঘটনাটোৱে৷ মহানগৰীৰ উলুবাৰীত এটা ধুনীয়া পকী ঘৰৰ ভিতৰত ১২ ডিচেম্বৰ, ২০২৩ত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৰূপম গোস্বামী নামৰ এজন মানুহ৷ মানুহজন ঘৰটোৰ গৰাকী৷ দুদিন ধৰি মানুহজন কোঠাৰ বাহিৰলৈ ওলোৱা নাছিল৷ তেতিয়াই ভাড়াতীয়াই তেখেতক বিচাৰি তেওঁ থকা কোঠাৰ দুৱাৰ খুলিলে, দেখা পালে বিছনাৰ তলে ওপৰে তেজৰ ডোঙা৷ ৰূপম গোস্বামী পৰি আছিল বিছনাৰ তলত৷ ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল৷ মৃত্যু কেতিয়া হ’ল তাৰো কোনো সঠিক তথ্য নাই৷ সেইদিনাই নে আগৰ দিনাই নে পুৱা নে গধূলি কোনেও নাজানে৷ মৃত্যুৰ সময়ত নাছিল পৰিয়ালৰ কোনো৷ ইমান অৱহেলিত অৱস্থাত এজন লোকৰ মৃত্যু! এয়া আধুনিক জীৱনৰ এক কাৰুণ্য বুলি ক’ব নোৱাৰিনে? ৰূপম গোস্বামীৰ পত্নী আৰু সন্তানো আছে৷ 

মৃত্যুৰ যিটো বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে তাত কোৱা হৈছে যে ১২ বছৰমানৰ পূৰ্বে পত্নীৰ সৈতে প্ৰয়াত গোস্বামীৰ বিচ্ছেদ ঘটিছিল৷ তেওঁলোকৰ একমাত্ৰ পুত্ৰ পিতৃ-মাতৃৰ বিচ্ছেদৰ বাবেই হওক বা ঘৰুৱা অশান্তিৰ বাবেই হওক বা অন্য কাৰণতে হওক গুৱাহাটী এৰি বাংগালুৰুত আছেগৈ৷ দুদিন ধৰি এজন মানুহ বহিৰ্জগতৰ সৈতে সংযোগহীন হৈ আছিল৷ একমাত্ৰ পুত্ৰয়ো দুদিন ধৰি দেউতাকৰ সৈতে যোগাযোগ কৰা নাছিল নেকি? নে পিতা আৰু পুত্ৰৰ মাজতো কোনো ধৰণৰ যোগাযোগ নাই? 

মানুহজনক নিসংগতাই এনেকৈ পীড়া দিছিল, যাৰ বাবে তেওঁ দিন-ৰাতি সুৰাপান কৰিবলৈ লৈছিল৷ সুৰাই তেওঁৰ জীৱন কাঢ়ি নিব বুলি জানিও ইয়াক নিয়মীয়াকৈ অধিক হাৰত পান কৰাৰ অৰ্থ কি থাকিব পাৰে? মৃত্যুক তেওঁ এনেকৈয়ে আহ্বান জনাইছিল নেকি?  ইয়াৰ সঠিক বিশ্লেষণ মনস্তাত্ত্বিকসকলে কৰিব পাৰিব৷ আপাতঃ দৃষ্টিত পত্নী আঁতৰি যোৱা, পুত্ৰও গুচি যোৱাৰ পাছত বিবেক দংশন আৰু জীৱনৰ সৰ্বস্ব হেৰুৱাই পেলোৱা বুলি অনুভৱ কৰি নিজকে তিল তিলকৈ হত্যা কৰিলে ৰূপম গোস্বামীয়ে? সন্তান হিচাপে বাংগালুৰুত থকা ল’ৰাটোৱে ইচ্ছা কৰা হ’লে দেউতাকৰ জীৱন বচাব পাৰিলেহেঁতেন! ইয়াৰ বাবে অকণমান সংগসুখৰ প্ৰয়োজন আছিল৷ একেদৰে ৰূপম গোস্বামীয়েও সন্তানৰ বাবেই নিজক জীয়াই ৰাখিবলৈ চেষ্টা চলাব নালাগিছিল জানো?

সম্প্ৰতি পৃথিৱীত নিসংগতা এক ভয়াৱহ মানসিক ব্যাধিত পৰিণত হৈছে৷ পৰিয়ালত থাকিও প্ৰতিজনে এতিয়া নিসংগ জীৱন কটাবলগীয়া হোৱাৰ পৰিণাম এলজাইমাৰ আৰু আত্মহত্যা৷ নিসংগতা এনে এক ব্যাধি, যি ব্যাধিয়ে পৃথিৱীৰ ১৪ শতাংশ মানুহৰ মৃত্যুৰ কাৰণ হৈ উঠিছে৷ নিসংগতাৰ পৰা নিজকে বচাবলৈ হোমেন বৰগোহাঞিয়ে তপস্যা কৰা বুলি বিভিন্ন স্থানত লিখি গৈছে৷ নিসংগতাক অভিশাপ হিচাপে নলৈ ইয়াক জীৱনৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিবলৈ শিকিব লাগিব৷ 

অমৰত্বৰ বাহিৰে মানুহে আধুনিক যুগত জীয়াই থাকিবলৈ বহু উপাদান পাইছে৷ তথাপি উৎকৃষ্ট উপাদান কিতাপ, সংগীত আৰু ভ্ৰমণ৷ পৰাপক্ষত অকলশৰীয়াকৈ জীৱন কটোৱা মানুহে সামাজিক জীৱন এটাৰ সন্ধান কৰিব পাৰে৷ বৃক্ষ ৰোপণ, প্ৰাতঃভ্ৰমণ, জিম, যোগাসন আদিয়ে জীৱনক উজ্জীৱিত কৰাৰ উদাহৰণৰ সীমা-সংখ্যা নাই৷ কিন্তু ত্যাগ কৰিব লাগিব সুৰা আৰু ধুমপান৷ এই দুটা জীৱনৰ ঘাতক হিচাপে চিহ্নিত হৈছে৷ ই মানুহক মৃত্যুৰ মুখলৈ আগবঢ়ায় দিয়ে৷

গুৱাহাটীৰ এগৰাকী মনোৰোগ বিশেষজ্ঞক লগ পাইছিলোঁ৷ তেওঁক সুধিছিলো– আপোনাৰ ওচৰলৈ নিদান বিচাৰি অহাসকলৰ বয়স কিমান? উত্তৰত কৈছিল– এতিয়া তেওঁৰ চেম্বাৰত ভিৰ ইমানেই বেছি যে কেতিয়াবা দুদিনলৈকে অপেক্ষা কৰিবলগীয়া হয়৷ পূৰ্বতে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ আহিবলৈ মানুহে লাজ পাইছিল, এতিয়া আৰু তেওঁৰ ওচৰলৈ আহিবলৈ কোনো লোকে সংকোচ নকৰে৷ বয়সৰো কোনো তাৰতম্য নাই৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকলৈকে আহে নিদান বিচাৰি৷ জ্যেষ্ঠ-কনিষ্ঠ বেছিভাগৰে অসুখ এটাই৷ সেয়া নিসংগতা৷ ইয়াৰ পৰা মুক্তি বিচাৰি মনোৰোগ বিশেষজ্ঞৰ কাষ চপাটোৱে জীৱনৰ বাবে আশাৰ ৰেঙণি৷ কাৰণ এই মানুহ জীয়াই থাকিব বিচাৰিছে৷

গুৱাহাটীৰে নহয়, অসমৰ নগৰ-চহৰৰ বহু লোকৰ সন্তান ৰাজ্যৰ বাহিৰত নতুবা বিদেশত কৰ্মসূত্ৰে স্থায়ীভাৱে থাকিবলৈ লৈছে৷ গুৱাহাটীত এনেকুৱা পিতৃ-মাতৃৰ সংখ্যাই এতিয়া অধিক৷ এসময়ত পৰিয়ালৰ আটাইবোৰ একেলগে থাকিম বুলি সাজি লোৱা অট্টালিকাবোৰত এতিয়া বৃদ্ধ পিতৃ-মাতৃৰ বাহিৰে আন মানুহৰ উপস্থিতি তেনেকৈ নাই৷ এই মানুহে ভুল কৰে তেতিয়াই, মহানগৰীত ঘৰ-দুৱাৰ সাজি এৰি থৈ অহা গাঁওখন, পৰিয়ালবোৰৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে৷ যি সন্তানক লৈ ভৱিষ্যতৰ সপোন দেখে, সেই সন্তানে জীৱনৰ আবেলিৰ পৰত পিতৃ-মাতৃক এৰি বাহিৰত নিগাজিকৈ আন এখন ঘৰ বান্ধে৷ আৰু ইয়াত অকলশৰীয়া পিতৃ-মাতৃয়ে কেতিয়াবা নিসংগতাৰ পৰা নিজকে বচাবলৈ মনোৰোগ বিশেষজ্ঞৰ কাষ চাপে৷ এয়াও জীৱনক জয় কৰাৰ এখন সংগ্ৰাম৷ এই সংগ্ৰামত চামিল নোহোৱাৰ বাবেই মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰিলে ৰূপম গোস্বামীয়ে৷

হোমেন বৰগোহাঞিয়েও নিসংগতাক জয় কৰি জীৱনৰ শেষ সময়কণলৈকে নিজক সৃষ্টিশীল কাম-কাজৰ মাজত আবদ্ধ ৰাখিব বিচাৰিছিল৷ বৰগোহাঞিৰ এই জীৱন আধুনিক পৃথিৱীত নিসংগতাই খুলি খুলি খোৱা মানুহৰ বাবে এটা জীয়া উদাহৰণ হ’ব পাৰে৷ কেনেকৈ জানিব, কাইলৈ নতুবা আহি থকা দিনবোৰত আপুনি বা মই নিসংগতাৰ কিদৰে মুখামুখি হওঁ? নিসংগতাৰ ৰুদ্ধ দুৱাৰ খুলিবলৈ সকলো সময়তে নিজকে প্ৰস্তুত ৰাখিব পৰাটোৱে বুদ্ধিমানৰ কাম হ’ব নিশ্চয়৷

- জিতুমণি বৰা

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?