--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে প্ৰায়ে চৰ্চাত থাকে। এইবাৰ শেহতীয়াকৈ অন্য এক কাৰণত সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈছে পুৰীৰ জগন্নাথ মন্দিৰ।

এই মন্দিৰৰ ভগৱান জগন্নাথক আগবঢ়োৱা পবিত্ৰ খাদ্যক মহাপ্ৰসাদ বুলি কোৱা হয়। এই মহাপ্ৰসাদ পৰম্পৰাগতভাৱে মাটিত বহি খোৱাৰ নিয়ম পূৰ্বৰ পৰাই চলি আহিছে। সেয়েহে এই মন্দিৰত যিসকল ভক্ত‌ই দৰ্শন কৰিবলৈ যায়, প্ৰতিগৰাকী ভক্তই মাটিত বহি মহাপ্ৰসাদ গ্ৰহণ কৰে।


কিন্তু শেহতীয়াকৈ জগন্নাথ মন্দিৰৰ পৰম্পৰা ভংগ কৰি এটা পৰিয়ালে ডাইনিং টেবুলত গ্ৰহণ কৰিলে মহাপ্ৰসাদ । সামাজিক মাধ্যমত ডাইনিং টেবুলত বহি মহাপ্ৰসাদ গ্ৰহণ কৰা ভিডিঅ’ই ওড়িশাত এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, পুৰীৰ এখন বীচ্চ ৰিজ’ৰ্টৰ ডাইনিং টেবুলত শিশুসহ প্ৰায় ১০ জন সদস্যই মহাপ্ৰসাদ খাই থকাৰ লগতে মন্দিৰৰ এজন পুৰোহিতে তেওঁলোকক মহাপ্ৰসাদ বিতৰণ কৰি থকাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

এই দৃশ্য চকুত পৰা লগে লগে এজন ভক্ত‌ই তেওঁলোকক প্ৰশ্ন কৰাত এগৰাকী মহিলাই দৃঢ়তাৰে কয় যে তেওঁলোকে টেবুলত খাবলৈ সিদ্ধান্ত লোৱাৰ আগতে ইফালে সিফালে সুধিছিল। ইয়াৰ পিছতে ভক্তজনে পুৰোহিতজনৰ ওচৰলৈ গৈ আপুনি কিয় অনুমতি দিলে বুলিও প্ৰশ্ন কৰে।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে জগন্নাথ ভক্তসকলৰ মাজত উদ্বেগ প্ৰকাশ পোৱাৰ লগে লগে মন্দিৰ কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি কয় যে টেবুলত মহাপ্ৰসাদ খোৱা ঘটনা সন্দৰ্ভত তেওঁলোক অৱগত, টেবুলত মহাপ্ৰসাদ খোৱাটো পৰম্পৰাৰ বিৰুদ্ধে। মহাপ্ৰসাদ ঐশ্বৰিক আৰু মাটিত বহি খাব লাগিব বুলি মন্দিৰৰ শতিকা পুৰণি পৰম্পৰা বজাই ৰাখিবলৈ ভক্তসকলক অনুৰোধ জনাই এছ জে টি এয়ে।

উল্লেখ্য যে মন্দিৰ প্ৰশাসনে এক বিবৃতিত প্ৰকাশ কৰে যে "মন্দিৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ভগৱানৰ ঐশ্বৰিক মহাপ্ৰসাদ অন্নব্ৰহ্মৰ ৰূপত পূজা কৰা হয়। মাটিত বহি মহাপ্ৰসাদ খোৱাৰ আচাৰ-ব্যৱহাৰৰ পৰম্পৰা অনাদি কালৰে পৰা চলি আহিছে। সেয়েহে সকলো ভক্তকে পৰম্পৰাৰ বিৰোধী কাম-কাজ, যেনে ভোজন মেজত মহাপ্ৰসাদ খোৱাৰ দৰে, সেইবোৰৰ পৰা বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।"

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?