--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কেৰালাঃ দেওবাৰে কেৰালাত ২২মহীয়া শিশুসহ জিকা ভাইৰাছত আক্ৰান্ত হৈছে ৩জন। ইয়াৰ লগে লগে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে কেৰালাত। বৰ্তমান ক’জিকোড়ে মেজিকেল কলেজ আৰু আলাৰপপুজাই ইমষ্টিটিউট অব্ ভাইৰ’ল’জী ইউনিটে পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি কেৰালাৰ স্বাস্থমন্ত্ৰী ভীনা জৰ্জে সদৰী কৰিছে। শেহতীয়াকৈ এক বিবৃতিত প্ৰকাশ পোৱা মতে, ২২ মহীয়া এজন শিশুৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছৰ অৱস্থিতি।

ইয়াৰোপৰি ৪৬ আৰু ২৯বছৰীয়া স্বাস্থ্যকৰ্মীও আক্ৰান্ত হৈছে।’ চলিত সপ্তাহত ২৪বছৰীয়া এগৰাকী মহিলা কেৰালাত সৰ্বপ্ৰথম জিকা ভাইৰাছত আক্ৰান্ত হৈছিল। এইবাৰ শিশুৰ দেহতো এই ভাইৰাছৰ অৱস্থিতি লাভ কৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, জিকা ভাইৰাছক ৰুধিবলৈ ইতিমধ্যে বিহিত কাৰ্যপন্থা হাতত লৈছে স্বাস্থ্য বিভাগে। জ্বৰ অনুভৱ কৰিলেই গৰ্ভৱতী মহিলাই শীঘ্ৰে পৰীক্ষা কৰাটো উচিত বুলিও সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।


বিশেষজ্ঞৰ মতে, ‘এডিছ মহৰ জৰিয়তে জিকা ভাইৰাছ বিয়পি পৰে। অতি ক্ষিপ্ৰতাৰে এই ভাইৰাছ সংক্ৰমিত হয়। কোনো ব্যক্তিক যদি এডিছ মহে কামোৰে, তেতিয়া তেওঁ এই ভাইৰাছত আক্ৰান্ত হয়। পাছত এই মহে সুস্থ মানুহক স্পৰ্শ কৰিলে সেই ব্যক্তিজনো জিকা ভাইৰাছত আক্ৰান্ত হ’ব পাৰে।’ গৰ্ভস্থ সন্তানৰ বাবে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে এই ভাইৰাছে। আনকি এই ভাইৰাছৰ সংক্ৰমণৰ ফলত আক্ৰান্ত শিশু দিব্যাংগ হোৱা, মগজুৰ স্বাভাৱিক আকাৰৰ পৰিৱৰ্তন, বিকাশজনিত সমস্যা আৰু শিশুৰ মৃত্যুৰো আশংকা কৰিছে বিশেষজ্ঞমহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?