--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ পৰাই ৰিলায়েন্স জিঅ’ই ভাৰতত ৫জি সেৱা আৰম্ভ কৰিছিল। ইয়াৰ পিছত জিঅ’ই বজাৰত কেইবাটাও ৫জি বুষ্টাৰ প্লেন মুকলি কৰে। তাৰে এটা হৈছে ৬১ টকীয়া প্লেন। এই বুষ্টাৰ প্লেন সেইসকল গ্ৰাহকৰ বাবে যিসকলে ২৩৯ টকাতকৈ কম পেকেজ ৰিচাৰ্জ কৰে।

জিঅ’ই এই বুষ্টাৰ প্লেন আৰম্ভ কৰিছিল সকলো গ্ৰাহকক ৫ জি ৱেলকাম অফাৰৰ অধীনলৈ অনাৰ বাবে। প্ৰথম অৱস্থাত এই ৬১ টকীয়া বুষ্টাৰ প্লেনত ৬ জিবি ডাটা উপলব্ধ আছিল। কিন্তু তাৰ পিছত এই প্লেনত জিঅ’ই ১০ জিবি ডাটা আগবঢ়াবলৈ আৰম্ভ কৰিলে। কিন্তু শেহতীয়াকৈ আকৌ ৬১ টকাৰ এই বুষ্টাৰ প্লেনত জিঅ’ই ৬ জিবি ডাটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

কিন্তু এইদৰে ডাটাৰ পৰিমাণ হ্ৰাস কৰাৰ কথা কোম্পানীটোৱে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। তেওঁলোকৰ এই পৰিৱৰ্তন ৱেবছাইট আৰু এপত লক্ষ্য কৰা হৈছে। কিন্তু কোনো আনুষ্ঠানিক ঘোষণা অবিহনে জিঅ’ই কিয় গোপনে এই কাম কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে এই ৬১ টকীয়া প্লেন জিঅ’ৰ এড অন টপ আপ ৰিচাৰ্জ। ই প্ৰিপেইড কম্বো প্লেনৰ অধীনত নপৰে। ইয়াৰ নিজস্ব কোনো বৈধতা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?