--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিঅ’ই পুনৰ মুকলি কৰিছে এটা আকৰ্ষণীয় নতুন প্ৰডাক্ট। নাম দিয়া হৈছে ভাৰ্চুৱেল ৰিয়েলিটি হেডছেট অৰ্থাৎ ভি আৰ হেডছেট। ইয়াৰ বাবে এটা নতুন ডিভাইচৰো নাম দিয়া হৈছে। এই ডিভাইচটোকটোক JioDive নামেৰে জনা গৈছে।

কেৱল Jio ব্যৱহাৰকাৰীৰ বাবেহে মুকলি কৰা হৈছে। জিঅ’ই ই পি এলৰ প্ৰতি লক্ষ্য ৰাখি  এই প্ৰডাক্টটো মুকলি কৰিছে।  জিঅ’চিনেমা এপত আইপিএলৰ মেচ চোৱাসকলে এই ভিআৰ হেডছেট ব্যৱহাৰ কৰি ক্ৰিকেট মেচ উপভোগ কৰিব পাৰিব। 

এই ডিভাইচত ১০০ ইঞ্চি ভাৰ্চুৱেল পৰ্দা আৰু ৩৬০ ডিগ্ৰী দৃশ্যৰ বিকল্প আছে। এই ভি আৰ হেডছেটৰ দাম মাত্ৰ ১২৯৯ টকা। গ্ৰাহকসকলে জিঅ’মাৰ্টৰ অফিচিয়েল ৱেবছাইটৰ পৰা কিনিব পাৰিব এই ডিভাইছটো। জিঅ’মাৰ্টত উপলব্ধ এই হেডছেটো ক্ৰয় কৰিলে জিঅ’ই ৫০০ টকাৰ কেছবেক প্ৰদান কৰিব। পেটিএম ৱালেটৰ জৰিয়তে ধন পৰিশোধ কৰিলে এই কেছবেক উপলব্ধ হ’ব।

গ্ৰাহকে এই ডিভাইচটো ৪.৭ ইঞ্চিৰ পৰা ৬.৭ ইঞ্চিৰ পৰ্দাত ব্যৱহাৰ কৰিব পাৰে। ইয়াত Gyroscope আৰু Accelerometer আছে। এই দুই সুবিধাই ডিভাইছটো অধিক উপভোগ্য কৰি তোলে।

ইতিমধ্যে কোম্পানীয়ে জনাইছে যে এই প্ৰডাক্টটো নন-ৰিফাণ্ডেবল। JioDive এ Android 9+ আৰু iOS 15+ ত কাম কৰিব। ইয়াক ব্যৱহাৰ কৰিবলৈ আপুনি JioImmerse app নামৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। তাৰ পিছত সকলো অনুমতি দিয়াৰ পিছত আপুনি JioDive নিৰ্বাচন কৰিব লাগিব আৰু তাৰ পিছত JioDive ত Watch ত টেপ কৰিব লাগিব।

তাৰ পিছত আপুনি ফোনটো ভি আৰ মোডত ছেট কৰিব পাৰিব। এই ক্ষেত্ৰত হেডছেট পিন্ধিব লাগিব। ইয়াৰ উপৰিও ইয়াৰ ওপৰত থকা চেণ্টাৰ আৰু কাষৰ চকা ব্যৱহাৰ কৰি ছবিৰ মানদণ্ডও নিজৰ মতে মিলাই ল’ব পাৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?