--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেতা জিতেন্দ্ৰৰ পুনৰ বিবাহক লৈ সৰৱ চৰ্চা। সন্তান আৰু নাতিৰ সন্মুখতে দ্বিতীয়বাৰলৈ বিয়া পাতিলে জিতেন্দ্ৰই। ৫০ বছৰ আগতে অৰ্থাৎ ১৯৭৪ চনত বলীউডৰ কিংবদন্তি অভিনেতা জিতেন্দ্ৰই শোভা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এইবাৰ বিবাহৰ সোণালী জয়ন্তীৰ বিশেষ উপলক্ষে জিতেন্দ্ৰ আৰু শোভাই আকৌ এবাৰ বিয়া পাতিছে। 

একতা কাপুৰ আৰু তুষাৰ কাপুৰে তেওঁলোকৰ ৫০ বছৰীয়া বিবাহ বাৰ্ষিকী উপলক্ষে আকৌ এবাৰ বিয়া হোৱাৰ ধাৰণাটো পিতৃ-মাতৃক দিছিল আৰু তাৰপাছতসমগ্ৰ মনোৰঞ্জন উদ্যোগটোৱে এই উদযাপনত যোগদান কৰিছিল। মেহেন্দী, সংগীত আৰু বৰমালাৰ দৰে ৰীতি-নীতিৰে আকৌ এবাৰ জিতেন্দ্ৰই শোভা কাপুৰক নিজৰ কৰি তুলিলে।

জীৱনত দ্বিতীয়বাৰৰ বাবে অহা এই বিশেষ অনুষ্ঠানত তেওঁলোকৰ বন্ধু অনিল কাপুৰ, ৰাকেশ ৰোশন আৰু প্ৰেম চোপ্ৰাও উপস্থিত হৈ জিতেন্দ্ৰ আৰু শোভা কাপুৰৰ সুখত যোগদান কৰে। জিতেন্দ্ৰ-শোভা কাপুৰৰ এই বিশেষ দিনটোত কেৱল বলীউডেই নহয়, ৰুচিকা কাপুৰ, অনিতা হাছানন্দনী, ক্ৰীষ্টল ডিছৌজা, নীলম কোথাৰী, ৰিদ্ধি ডোগ্ৰা, সমীৰ ছোনীকে ধৰি টিভি উদ্যোগৰ বহু তাৰকাই অংশগ্ৰহণ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?